Begin typing your search above and press return to search.
ত্ৰিনীতি হিলচ ছোচাইটিয়ে উদযাপন কৰিলে দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস

যোৱা মঙলবাৰে ফুলনি ঠংভাম ৰংপি এল পি স্কুলত ত্ৰিনীতি হিলচ ছোচাইটি সংগঠনে দ্বিতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।সভাপতি চাৰ্লিন ৰংফৰ্ফি আৰু সম্পাদক ৰাজেশ টিমুংৰ উপস্থিতিত ৩০ জন বিশেষভাৱে সক্ষম লোক সকলৰ মাজত চকাযুক্ত আসন,শ্ৰৱণ আহিলা আৰু খোজকাঢ়িব পৰা লাখুটি আদি প্ৰদান কৰে।কাৰ্বিআংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ অধীনত দুখন জিলাত স্বচ্ছ সৰ্বেক্ষণ (গ্ৰামীন)ৰ অন্তৰ্গত 'স্বচ্ছ গাঁৱ','স্বচ্ছ জিলা' শীৰ্ষক হিচাপে সজাগতা সভাৰ আয়োজন কৰিছে।জুলাইৰ ৩১তাৰিখলৈ কাৰ্বিআংলং জিলা স্বায়ত্ত শাসিত পৰিষদৰ অন্তৰ্গত ২৬খন নিৰ্বাচন ক্ষেত্ৰত এই সজাগতা অভিযান সম্পূৰ্ণ কৰা হ'ব বুলি ত্ৰিনীতি হিলচ ছোচাইটিৰ অধ্যক্ষ ৰাজেশ টিমুঙে মত প্ৰকাশ কৰে।
Next Story