Begin typing your search above and press return to search.

ত্ৰিপুৰা কন্যাৰ সফলতা,মাতৃৰ বলিদান

ত্ৰিপুৰা কন্যাৰ সফলতা,মাতৃৰ বলিদান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Sep 2018 8:26 AM GMT

আজি এনেকুৱা এজনী ছোৱালীৰ বিষয়ে আলোচনা কৰিমহঁক যিগৰাকীয়ে বহু বাধাৰ সন্মুখীন নেওচি নিজৰ প্ৰতিভা বিকশিত কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

টেসী ডালোং নামৰ এইগৰাকী যুৱতী কিক বক্সিং আৰু ময় থাই খেলুৱৈ।ময় থাই খেলটো কিক বক্সিংৰে অন্য এটা ৰূপ।ই থাইলেণ্ডৰ এক প্ৰচুৰ জনপ্ৰিয় মাৰ্চল আৰ্ট যাৰ জৰিয়তে বিভিন্ন ৰূপত আক্ৰমন কৰিব পৰা যায়।

অতি কম বয়সতে টেসীয়ে বিভিন্ন দিশত ৫টাকৈ সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়।কিছুদিন পূৰ্ৱে ইন্দো-লংকা ইণ্টাৰনেশ্যনেল ষ্টেট চেম্পিয়নশ্বিপত ৫৫কিল'ৰ শ্ৰেণীত সোণৰ পদক লাভ কৰে।২০বছৰীয়া টেসী এগৰাকী প্ৰতিভাসম্পন্ন খেলুৱৈ আৰু টেসীৰ বাবে এই ৰাষ্টা অতি কঠিন হোৱাৰ পিছতো টেসীয়ে বহু কষ্ট সাধন কৰি এই পৰ্যায় পাবলৈ সক্ষম হৈছে।

টেসী ডালোং ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ প্ৰায় ১৪০কিল'মিটাৰ নিলগত ধলাই জিলাৰ কঞ্চনহাৰাৰ এখন গাৱঁৰ নিৱাসী।পিতৃৰ মৃত্যু পিছত তেওঁলোকৰ পৰিয়ালৰ লোক আৰ্থিক সংকটত ভোগে।টেসীৰ মাতৃ হৈছে এগৰাকী আশা কৰ্মী যুগৰাকীয়ে মাহত কিবাকে ১০০০টকা আয় কৰে।ঠিক এনে সময়ত এজনী ছোৱালীক পঢ়াই-শুনাই,খেলৰ প্ৰতি সহযোগ প্ৰদান কৰাটো এক কঠিন কাম।কিন্তু ইমান খিনি প্ৰত্যাহ্বানৰ পিছতো টেসীয়ে নিজ দেশৰ খনৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়।

টেসীয়ে কঠোৰ পৰিশ্ৰমৰ পিছত ৫বাৰকৈ সোণৰ পদক লাভ কৰে।ডব্লিউ ইণ্ডিয়া জুনিয়ৰ নেশ্যনেল কিকি বক্সিং চেম্পিয়নশ্বিপ,১৫সংখ্যক নেশ্যনেল ময় থাই চেম্পিয়নশ্বিপ(২০১৪),ডব্লিউ ইণ্ডিয়া চিনিয়ৰ নেশ্যনেল কিকি বক্সিং চেম্পিয়নশ্বিপ,নেশ্যনেল এমিচিউৰ ময় থাই চেম্পিয়নশ্বিপ(২০১৬) আৰু অলপতে আন্তঃৰাষ্ট্ৰীয় ৰাজ্যিক চেম্পিয়নশ্বিপ(২০১৮)ত সোনৰ পদক লাভ কৰিবলৈ সক্ষম হয়।

টেসীৰ প্ৰতিভা দেখি ত্ৰিপুৰা চৰকাৰে টেসীক সহায় কৰাৰ পদক্ষেপ গ্ৰহন কৰে।টেসীৰ এই সফলতাৰ আৰঁত টেসীৰ মাক বুলি কব লাগিব যিগৰাকীয়ে কষ্টৰ সময়তো নিজ প্ৰয়োজনীয়তাক বলিদান দি কন্যাক আগুৱাই যাবলৈ সহায় কৰে।

Next Story
চাকৰি