Begin typing your search above and press return to search.

সৰ্বানন্দ সোণোৱালৰ চৰকাৰক বিফল চৰকাৰ আখ্যা তৰুণ গগৈৰ

সৰ্বানন্দ সোণোৱালৰ চৰকাৰক বিফল চৰকাৰ আখ্যা তৰুণ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 March 2019 1:14 PM GMT

দিছপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। শূন্য সহনশীলতা নীতি অৱলম্বন কৰা সোণোৱাল চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তিৰ কেলেংকাৰী চি বি আই তদন্তৰ দাবী জনাই তৰুণ গগৈয়ে। এতিয়া আৰ এছ এছ কথা মতেই নিয়ন্ত্ৰিত কৰিছে অসম যাৰ ওপৰত আস্থা নাই কংগ্ৰেছৰ। ৰাকেশ পালৰ ভায়েকৰ কথাত অজি চৰকাৰ নিমাত কিয়? বিজেপি চৰকাৰলৈ প্ৰশ্ন কৰি এ পি এছ চি তদন্ত কৰিবলৈ আহ্বান জনাই তৰুণ গগৈয়ে। ভাৰতৰ প্ৰতিৰক্ষা বিভাগৰ পৰা ৰাফেল বিমানৰ ফাইল চুৰি সন্দৰ্ভত গুৰুত্বৰ অভিযোগ আনে বিজেপিৰ প্ৰতি।

সংবাদমেলত গগৈয়ে কয় – সৰ্বানন্দ সোণোৱালৰ চৰকাৰ বিফল হৈছে। মুখ্যমন্ত্ৰীয়ে কেলেংকাৰীৰ তদন্ত ঘোষণা কৰাটো এক ভেঁকোভাওনা। চৰকাৰখনে CBIক ভয় কৰে। চুলাই কাণ্ডৰ তদন্ত CBIক নিদিলে। আয়কৰ বিভাগৰ দুৰ্নীতিৰ বাবেই চুলাই কাণ্ড সংঘটিত হৈছে বুলিও অভিযোগ কৰে তৰুণ গগৈয়ে । APSC কেলেংকাৰীৰ তদন্ত CBIক দিয়াৰো দাবী গগৈৰ। ৰাকেশ পালৰ ভাতৃৰ ক্ষেত্ৰত চৰকাৰ নিমাত বুলিও সংবাদমেলত মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ পৰাই নথি চুৰি হয়, তেন্তে মোদীৰ দ্বাৰা দেশ কেনেকৈ সুৰক্ষিত হ’ব? সংবাদমেলত এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। কয়লাকে ধৰি সকলোতে ছিণ্ডিকেট হৈছে। AGP ঘৰ জোঁৱাই হ’ব, বিজেপিয়ে জানে অকলে নিৰ্বাচন জিকিব নোৱাৰে। NPPক বিজেপিৰ B টীম আখ্যা তৰুণ গগৈৰ। কেলেংকাৰীত বিজেপিয়ে কংগ্ৰেছক পিছ পেলাইছে বুলিও সংবাদমেলত মন্তব্য গগৈৰ। জনসংযোগতেই নহয় সকলো বিভাগতেই কেলেংকাৰী হৈছে। জনসংযোগৰ কেলেংকাৰীৰ তদন্ত CBIক দিয়াৰো দাবী গগৈৰ।

আনহাতে ৰাজ্যত পৰ্যাপ্ত পৰিমাণে নাই ডাক্তৰ, শিক্ষক, কৰ্মচাৰী। সেই সকলৰ বাবে গুৰুত্ব নিদিয়াকৈ চৰকাৰে পুঁজিৰ পৰা গেষ্ট হাউছ নিৰ্মাণত খৰচ কৰিছে বৃহৎ পৰিমাণৰ পুঁজি। অসমৰ সংবাদ মাধ্যমে চৰকাৰী বিজ্ঞাপন বয়কট কৰাৰ প্ৰসংগত খুবেই দুৰ্ভাগ্য আখ্যা দিয়ে তৰুণ গগৈয়ে।

Next Story
চাকৰি