Begin typing your search above and press return to search.

ক্ষমতাৰ বাবে অগপয়ে সুবিধাবাদী ৰাজনীতি কৰিছে: তৰুণ গগৈ

ক্ষমতাৰ বাবে অগপয়ে সুবিধাবাদী ৰাজনীতি কৰিছে: তৰুণ গগৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 March 2019 10:51 AM GMT

ৰাজীৱ ভৱনত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদমেল সম্বোধন কৰি অগপক তীব্ৰ সমালোচনা কৰে । অগপক সুবিধাবাদী দল আখ্যা তৰুণ গগৈৰ । ক্ষমতাৰ স্বাৰ্থত সকলো আদৰ্শ ত্যাগ কৰিছে অগপই। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ। লগতে তেওঁ কয় যে জাতিক প্ৰতাৰণা কৰা হয়তো এয়াই প্ৰথম দল। RSS, মুখ্যমন্ত্ৰী সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জিৎ দাসে অগপৰ ধ্বংস যজ্ঞ পাতিছে বুলিও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । সকলোকে ১৫ লাখকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সংস্থাপন দিম বুলি একো নকৰিলে বিজেপি চৰকাৰে। ‘আচ্ছে দিন’ৰ কথা এতিয়া মোদীয়ে নকয় বুলি অগপ লগতে বিজেপিকো তীব্ৰ সমালোচনা কৰে|বিজেপিক প্ৰতাৰকৰ দল আখ্যা তৰুণ গগৈৰ।

অসমৰ দুটাকৈ কাগজ কল ধ্বংস কৰিলে বিজেপিয়ে। বৰঝাৰ বিমানবন্দৰ প্ৰদান কৰিলে আদানীক। অসমৰ তৈলক্ষেত্ৰও ব্যক্তিগতকৰণ কৰিলে বুলি বিজেপিক সমালোচনা তৰুণ গগৈৰ। কৃষক, যুৱক, মহিলাসকলে এতিয়া বিদ্ৰোহ কৰিছে। ছয় জনগোষ্ঠীৰ লগতে বড়োসকলক ঠগিলে বিজেপিয়ে।

লগতে কংগ্ৰেছে সকলো জনগোষ্ঠীৰ বাবে কাম কৰিছিল বুলিও মন্তব্য তৰুণ গগৈৰ। বিজেপিয়ে উপলব্ধি কৰিছে অকলে নিৰ্বাচনত জয় হব নোৱাৰে, সেয়ে অগপৰ লগত পুনৰ মিত্ৰতা কৰিছে বুলি প্ৰকাশ কৰে ।

বৰ্তমান বিজেপিৰ কোনো অস্তিত্ব নাই, জোৰা–টাপলি দি চলি আছে দলটো। লগতে কয় যে জোৰা–টাপলি মাৰি বনোৱা ঘৰ সৰু ধুমুহাইও ভাঙি দিব পাৰিব|

সমগ্ৰ ভাৰততে ৰাহুল গান্ধীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে মোদীৰ তুলনাত। সবর্মতি আশ্ৰমৰ পৰা আৰম্ভ হৈছে কংগ্ৰেছৰ জয়যাত্ৰা। বিজেপিয়ে কংগ্ৰেছৰ মাজত ভাগ ভাগ কৰি পেলাইছে। কংগ্ৰেছৰ আদৰ্শ মহাত্মা গান্ধীৰ আদৰ্শ। ৰাহুল গান্ধীক এতিয়া সকলোৱে আদৰি লৈছে বুলি সংবাদমেলত মন্তব্য তৰুণ গগৈৰ। বিজেপিৰ আদৰ্শ ব্ৰিটিছৰ দৰে সংঘাত, ভাগ ভাগ কৰা। বিজেপিয়ে জোৱানৰ ত্যাগক লৈ ৰাজনীতি কৰিছে। সব কা সাথ সবকা বিকাশ প্ৰমাণ দিয়ক বিজেপিয়ে। বিজেপিয়ে ছিণ্ডিকেটৰাজ আৰম্ভ কৰিছে বুলিও মন্তব্য গগৈৰ। ৫ বছৰ মোদীয়ে মন কী বাত কৰিলে, এতিয়া কামৰ খতিয়ান দিয়ক বুলিও মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ

কয়লা বালি চিমেণ্ট ,ৰদ সকলোতে ছিণ্ডিকেট ৰাজ চলিছে। চিণ্ডিকেটৰ ৰজা হৈছে সৰ্বানন্দ সোনোৱাল, তেওঁৰ লগত আছে হিমন্ত বিশ্ব।

চাহ জনগোষ্ঠীৰ ৩৫০ টকা মজুৰি আজি পৰ্যন্ত দিয়া নাই । তাৰোপৰি অসমৰ বিশেষ মৰ্যাদা কৰ্তন কৰিলে বিজেপিয়ে বুলি তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি