Begin typing your search above and press return to search.

“মদৰ পৰা সৰহ সংখ্যক কৰ সংগ্ৰহ কৰি উন্নয়নৰ নামত অসমৰ মানুহক মদাহী কৰিছে বিজেপি চৰকাৰে”-মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

“মদৰ পৰা সৰহ সংখ্যক কৰ সংগ্ৰহ কৰি উন্নয়নৰ নামত অসমৰ মানুহক মদাহী কৰিছে বিজেপি চৰকাৰে”-মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Feb 2019 1:08 PM GMT

“মদৰ পৰা সৰহ সংখ্যক কৰ সংগ্ৰহ কৰি উন্নয়নৰ নামত অসমৰ মানুহক মদাহী কৰিছে বিজেপি চৰকাৰে। মদ নিবাৰণ নহয়, চৰকাৰে মদ বিতৰণৰ ওপৰতহে বেছি গুৰুত্ব দিছে” বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ|"টকা পইচাৰে অসমীয়া মানুহক কিনিব নোৱাৰে। বিজেপিয়ে অসমৰ ৰাইজৰ আগত নাটক কৰা বন্ধ কৰক।" দিছপুৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সংবাদ মেল যোগে এই মন্তব্য কৰে।

বিজেপিক কটাক্ষ কৰি তৰুণ গগৈয়ে উল্লেখ কৰে যে উন্নয়নৰ সভা পাতি কথাৰ ফুলজাৰি মাৰিছে বিজেপি চৰকাৰে। ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মান দি ৰাজনীতি কৰিছে। মদৰ পৰা কৰ সংগ্ৰহ কৰি উন্নয়ন কৰিছে চৰকাৰে। যিহেতু মদৰ পৰাই অধিক সংখ্যক কৰ সংগ্ৰহ কৰা হয়। যাৰ বাবে আজি অতি হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। মদে প্ৰাণ ললে বাগানৰ ৮০ ৰো অধিক কৰ্মচাৰীৰ।

২০১৮ বৰ্ষত ৯৬ টা হত্যাকাণ্ড , ৪৩৩২ টা চুৰি ঘটনা, ৬৬২ টা অপৰহণৰ ঘটনা সংঘটিত হৈছে। আনহাতে কংগ্ৰেছ অগপৰ মিত্ৰতাৰ ক্ষেত্ৰত তৰুণ গগৈয়ে কয় যে অগপই দুখন নাওত দুটা ভৰি দিছে। দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে অগপই। সমাগত লোকসভা নিৰ্বাচনত মিত্ৰতাৰ সন্দৰ্ভত এতিয়া লৈকে অনানুষ্ঠানিক ভাৱে কোনো ধৰণৰ আলোচনা কৰা হোৱা নাই।

Next Story
চাকৰি