থগচ অৱ হিন্দুস্তানৰ নতুন পোষ্টাৰ; ফিৰংগীৰ ৰূপত আমিৰ খান

থগচ অৱ হিন্দুস্তানত আমিৰ খানত নতুন ৰূপ । বহু প্ৰত্যাশিত থগচ অৱ হিন্দুস্তান ছবিৰ আমিৰ খানৰ প্ৰথম খন পোষ্টাৰ মুকলি হৈছে। গতিমুখী পোষ্টাৰ খনত আমিৰ খানক আগতে নেদেখা এটি ফিৰংগীৰ ৰূপত দেখা পোৱা গৈছে । ছবি খন মুক্তি পাব চলিত বৰ্ষৰ দিপাৱলীৰ সময়ত অৰ্থাৎ ৪ নৱেম্বৰত ।
ছবি খনৰ নিৰ্মাতাই শেহতীয়া ভাৱে আমিৰ খানৰ চৰিত্ৰটি সকলোৰে আগত পৰিচয় কৰোৱাই দিলে । ছবি খনত দেখা পোৱা যাব অমিতাভ বচ্চন,কেটৰিনা কাঈফ, ফাতিমা চানা শ্বেইখ, এলইড ওৱেন আৰু তেওঁলোকৰ অনুৰাগী সকলে তেওঁলোকৰ গতিমুখী পোষ্টাৰ চাবলৈ অধীৰ আশাৰে ৰৈ আছে ।
পোষ্টাৰ খনত দেখিবলৈ পোৱা অনুসৰি আমিৰ খানে এটা ঘোঁৰাৰ পিঠিৰ ওপৰত বহি আছে আৰু পিছপিনে দেখা গৈছে পানীৰ মাজত এখন জাহাজ । কেকোৰা চুলি আৰু দীলকৈ মুছ ৰখা দেখা পোৱা গৈছে আমিৰ খানক,আমিৰ খানক পূৰ্ৱতে অভিনয় কৰা চৰিত্ৰ সমূহতকৈ এই চৰিত্ৰটিত সম্পূৰ্ণ বেলেগ দেখা গৈছে । লগতে আমিৰে সেউজীয়া ৰঙৰ জেকেট,খাকী পেণ্ট আৰু ক্ৰীম ৰঙৰ চাৰ্টৰ সৈতে কান্ধত টাচেল লোৱা দেখা গৈছে । মূৰত মটিয়া ৰঙৰ টুপী আৰু কলা ৰঙৰ চচমা পিন্ধাৰ পিছত বেলেগ এটা ৰূপে আমিৰক ফিৰংগি দেখা গৈছে ।