Begin typing your search above and press return to search.

দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসৰ লগত অভিনয় কৰিব বলীউডৰ এইগৰাকী অভিনেতাই

দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাসৰ লগত অভিনয় কৰিব বলীউডৰ এইগৰাকী অভিনেতাই

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 12:51 PM GMT

দক্ষিণ ভাৰতৰ অভিনেতা প্ৰভাস বলীউডলৈ যাত্ৰ কৰিব "সাহো"ৰ জৰিয়তে ৷ বিগত দিনত প্ৰভাসে সাহো ছবিখনৰ প’ষ্টাৰ শ্বেয়াৰ কৰিছিল ৷ছবিখনত প্ৰভাসৰ উপৰিও শ্ৰদ্ধা কাপুৰ,নীল নিতিন মুকেশে অভিনয় কৰিছে ৷ কিন্তু শেহতীয়া এক খবৰ অনুসৰি ছবিখনত বলীউডৰ ভাইজান ছলমান খানৰ নামো জৰিত হৈ পৰিব পাৰে ৷ কাৰণ ছলমান খান ছবিখনত কেমিয়োৰ চৰিত্ৰত অভিনয় কৰিব পাৰে।

এক বিশেষ তথ্য অনুসৰি সহোৰ নিৰ্মাতা সকলক কেমিয়ো চৰিত্ৰৰ কাৰণে নীল নিতীন মুকেশে ছলমান খানৰ নাম উত্থাপন কৰিছিল ৷ নীল আৰু ছলমান খান ভাল বন্ধু। দুয়োজনে প্ৰেম ৰতন ধন পায়ো ছবিত একেলগে কাম কৰিছিল ৷ সাহোৰ নিৰ্মাতাই ছলমান খানক প্ৰস্তাৱ দিছে যদিও এতিয়ালৈকে এই ক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া লাভ কৰা নাই ছবিখনৰ মেকাৰ্ছে।

কিন্তু সকলোৱে আশা কৰিছে সাহু দেখিবলৈ পাব ছলমান খানক ৷ ইফালে ছলমান খান সম্প্ৰতি ব্যস্ত আছে ভাৰত ছবিৰ প্ৰমোশ্যনত ৷ আৰু দাবাং ছবিৰ দৃশ্য গ্ৰহণত ৷দাবাং ছবিয়ে মুক্তি লাভ কৰিব ৫ জুনত ৷ইয়াৰ পিছত সঞ্জয় লীলা ভাঞ্চালীৰ ইনচেআল্লাহ ছবিৰ দৃশ্য গ্ৰহণত ব্যস্ত হ’ব ছলমান খান ৷সাহু ছবিখন হ’ব এখন এক্সন ধৰ্মী ছবি ৷ ছবিখনত অৰুণ বিজয় আৰু জেকী শ্ৰুফে এক বিশেষ চৰিত্ৰত অভিনয় কৰিব । ছবি খনৰ সংগীত শংকৰ এহছান লয়ৰ ৷ উল্লেখ্য যে, সাহোৱে মুক্তি লাভ কৰিব ১৫ আগষ্টত ৷

ইফালে, কবীৰ সিঙৰ টিজাৰ ছোৱাৰ পিছতে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে টলীউডৰ ছুপাৰষ্টাৰ প্ৰভাসে৷প্ৰভাসে প্ৰত্যক্ষ কৰে কবীৰ সিঙৰ টিজাৰ ৷ আৰু লগে লগে বলীউডৰ অভিনেতা ছাহিদ কাপুৰলৈ ফোন যোগে বাৰ্তালাপ কৰে আৰু ছাহিদ কাপুৰক কবীৰ সিঙত কৰা অন্যবৈদ্য অভিনয়ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

ছাহিদ আৰু প্ৰভাসৰ মাজত প্ৰায় সাত মিনিট ধৰি হোৱা কথা বাৰ্তাত তেলেগু ছবি “অৰ্জুন ৰেড্ডীত”কৈও অধিক উৎকৃষ্ট মানদণ্ডৰ বুলি মন্তব্য কৰে ৷ কাৰণ কবীৰ সিং হৈছে অৰ্জুন ৰেড্ডীৰ হিন্দী ৰিমেক।দক্ষিণ ভাৰতীয় ছবি অৰ্জুন ৰেড্ডীৰ ৰিমেক কবীৰ সিং। বলীউডৰ অভিনেতা ছাহিদ কাপুৰে মুখ্য ভূমিকাত অভিনয় কৰা কবীৰ সিঙৰ টিজাৰ সম্পৰ্কত অভিনেতাগৰাকীয়ে টুইট কৰে যে I am not a not a rebel without a cause .

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story