Begin typing your search above and press return to search.

দলৰ বিৰোধী কাৰ্যকলাপৰ কাৰণে ৰাজ্যিক বিজেপিৰ বিশেষ সিদ্ধান্ত

দলৰ বিৰোধী কাৰ্যকলাপৰ কাৰণে ৰাজ্যিক বিজেপিৰ বিশেষ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 April 2019 9:02 AM GMT

ভাৰতীয় জনতা পাৰ্টিৰ এক বিশেষ সিদ্ধান্ত। বিজেপি দলৰ বিৰুদ্ধে যিকোনো অনুশাসনাত্মক কাৰ্যকলাপ সংঘটিত কৰা দলৰ নেতা আৰু কৰ্মকৰ্তাসকলৰ বিৰুদ্ধে ল’ব আইনী ব্যৱস্থা ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে শনিবাৰে সংবাদ মাধ্যমৰ আগত কয় যে দল বিৰোধী সকলো কাৰ্যকলাপৰ লগত জৰিত থকা, দলৰ সকলো বিৰোধী নেতাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা যাব।

ৰঞ্জিত দাসে লগতে কয় যে, আমি ১০ জন প্ৰাৰ্থীক নিৰ্বাচন ক্ষেত্ৰত দল বিৰোধী গতিবিধিৰ কাৰণে এজাহাৰ দাখিল কৰিব কাৰণে কোৱা হৈছে। যদি,অভিযোগসমূহৰ সত্যতা প্ৰতিপন্ন হয়,তেন্তে অনুশাসনাত্মক সমিতিয়ে দলৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব। ৰঞ্জিত দাসে লগতে কয় যে দল বিৰোধী কোনো কাৰ্যকলাপ সহ্য কৰা নহ’ব ৷

বিজেপিৰ নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাই দলৰ নেতা ৰাজেন গোহাঁইৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ইফালে, বিজেপিয়ে ১০ খন সংসদীয় আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে ৷ ইয়াৰোপৰি অন্যান্য চাৰিখন আসনত বিজেপি সহযোগী দলে প্ৰাৰ্থীত্ব আগবঢ়াইছে ৷ ইয়াৰে অসম গণ পৰিষদে বৰপেটা,ধুবুৰী আৰু কলিয়াবৰৰ তিনিখন আসনত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে। লগতে বিপিএফয়ে কোকৰাঝাৰৰ আসনত প্ৰাৰ্থীত্ব আগবঢ়াইছে।অন্যহাতে, বিজেপিয়ে ডিব্ৰুগড়,গুৱাহাটী, যোৰহাট,কৰীমগঞ্জ, লক্ষীমপুৰ,মংগলদৈ, নগাঁও,শিলচৰ,তেজপুৰ আৰু স্বায়ত্ব শাসিত জিলা ডিফুত প্ৰতিদ্বন্দিতা কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি