দিখৌনদীত হৰেন বৰা পৰিয়ালৰ পাঁচ সদস্য বৰ্তমানে সন্ধানহীন

যোৱা দুদিন এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ ব্যৰ্থ অভিযানৰ পাছত আজি অভিযান আৰম্ভ কৰিছে ভাৰতীয় নৌসেনাৰ নেতৃত্বত।উন্নত প্ৰযুক্তিৰ সহায়ত চলিব এই অভিযান।এক শব্দ প্ৰেৰণ যন্ত্ৰৰ সহায়ত প্ৰাৰম্ভিক অভিযানৰ পৰিকল্পনা কৰা হৈছে।ইয়াৰ দ্বাৰা এক নিৰ্দিষ্ট প্ৰাৱল্যৰ শব্দ নদী পৃষ্ঠত এৰি দি তাৰ পৰা লাভ কৰা প্ৰতিধ্বনিৰ ভিত্তিত নদী পৃষ্ঠৰ এক মানচিত্ৰ তৈয়াৰ কৰি পৃষ্ঠত থকা যিকোনো বস্তুৰ এক সামগ্ৰিক অৱয়ব লাভ কৰা যাব।এই যন্ত্ৰৰ সহায়ত আজি নিৰুদিষ্ট গাড়ীখনৰ সম্ভেদ লাভ কৰিব বুলি আশা কৰা হৈছে।
আনহাতে আজি চাৰি ঘণ্টা অতিক্ৰম কৰাৰ পিছতো নৌ সেনা বাহিনীয়ে কোনোধৰণৰ সন্ধান উলিয়াব পৰা নাই। ফলত প্ৰত্যক্ষদৰ্শীৰ লগতে সমগ্ৰ অসমবাসী পুনৰ শংকিত হৈ উঠিছে। আজিও অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰিও সন্ধান উলিয়াব নোৱাৰিব নেকি।।
ইতিমধ্যে তিনিদিনৰ পিছত ঘটনাস্থলীলৈ আহিবলৈ আহৰি পোৱা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই কৈছে যে প্ৰয়োজন হ'লে আজিতকৈ অধিক উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব।