শিৱসাগৰৰ জিলাৰ দিখৌমুখ দিচিয়ালত পুৱাই এক অঘটন সংঘটিত হৈছে । একেটা পৰিয়ালৰ ৫ জন আৰোহীসহ দিখৌ নৈত পৰিল চুইফট ডিজাইয়াৰ ।গুৱাহাটীৰ পৰা শিৱসাগৰস্থিত নিজৰ পুৰণি ঘৰলৈ গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা। ঘটনাত নিহত হয় একেটা পৰিয়ালৰ ৫ গৰাকীকৈ সদস্য । ইতিমধ্যে এন ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে ।জানিব পৰা মতে, গাড়ীখনত আছিল হৰেণ বৰা ৫২, তেওঁৰ মাতৃ পনৌ বৰা (৮৬), তেওঁৰ পত্নী ফুনু বৰা (৪৫) আৰু তেওঁৰ কন্যাদ্বয় চিম্পি বৰা (২১) আৰু মুনমী বৰা (১৮)।
Begin typing your search above and press return to search.