Begin typing your search above and press return to search.

দিচপুৰ আৰু দিল্লীয়ে অসম চুক্তি ৰূপায়নত ব্যৰ্থ হোৱাতো ক্ষমাৰ অযোগ্য : সমুজ্জ্বল ভট্টাচাৰ্য্য

দিচপুৰ আৰু দিল্লীয়ে অসম চুক্তি ৰূপায়নত ব্যৰ্থ হোৱাতো ক্ষমাৰ অযোগ্য : সমুজ্জ্বল ভট্টাচাৰ্য্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 Aug 2018 7:34 AM GMT

দিচপুৰৰ ৰাজ্য চৰকাৰ আৰু দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিত স্বাক্ষৰ হোৱাৰ ৩৩ বছৰ পাছতো চুক্তি খন ৰূপায়ন নকৰাতো অসমবাসীৰ বাবে অতি দুৰ্ভাগ্যজনক কথা।১৯৮৫ চনৰ ১৪ আগষ্টৰ নিশা সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত,সদৌ অসম গণ সংগ্ৰাম সমিতি ,ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতিত অসম চুক্তিত স্বাক্ষৰ কৰিছিল।সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক লুৰিন জ্যোতি গগৈয়ে কৈছে যে অসম চুক্তিৰ স্বাক্ষৰ হোৱা ৩৩ বছৰ হৈ গল কিন্তু আজিলৈকে ৰূপায়ন নহল যিতো অসমৰ খিলঞ্জীয়া সকলৰ বাবে অতি দুৰ্ভাগ্যজনক।আজিলৈ বাংলাদেশ আৰু অসমৰ সীমা সমস্যা নিৰ্মূল নহল,অসমত অসমীয়া সংখ্যালঘু হবলৈ আৰু বেছি দিন নাই।সদৌ অসম ছাত্ৰ সন্থাৰ মুখপাত্ৰ ড° সমুজ্জল ভট্টাচাৰ্য্যই কয় যে চৰকাৰে বাংলাদেশী প্ৰবজনকাৰী ৰোধ কৰিবৰ বাবে ভাৰত-বাংলাদেশ সীমান্ত চীল কৰিবলৈ সক্ষম হোৱা নাই যদিও এনআৰচি চূড়ান্ত খচৰা প্ৰকাশ কৰি বাংলাদেশী মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত ইতিবাচক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে কিন্তু অসম চুক্তি ৰূপায়ন ব্যৱস্থা নকৰাতো দুৰ্ভাগ্যজনক।

Next Story
চাকৰি