Begin typing your search above and press return to search.

দিনটোৰ আৰম্ভনি কৰক:আজিৰ দিনটোৰ ইতিহাসেৰে

দিনটোৰ আৰম্ভনি কৰক:আজিৰ দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Dec 2018 5:44 AM GMT

প্ৰত্যেক দিনৰ দৰে ২০ ডিচেম্বৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ কাৰণ এই ২০ ডিচেম্বৰ দিনটোতে ইতিহাসত কিছু ঘটনা ঘটিছিল,যিসমূহ ইতিহাসৰ পৃষ্ঠাত আজিও লিখিত ৰূপত খোদিত হৈ আছে। আহক জানো ২০ ডিচেম্বৰত সংঘটিত হোৱা কিছুমান মহত্ত্বপূৰ্ণ ঘটনা ৷

ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতৰ সমমৰ্যদাসম্পন্ন গীত বন্দে মাতৰম ৰচনা কৰা হয় ১৮৭৯ চনৰ আজিৰ দিনটোতে ৷ এই গীতটোৰ ৰচক হ’ল বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়৷

১৮৭৯ চনৰ আজিৰ দিনটোতে থমাচ এলভা এডিচনে বৈদ্যুতিক চাকিৰ প্ৰথম নমুনা ৰাজহুৱা ভাৱে প্ৰকাশ কৰে ৷

১৭৫৭ চনৰ আজিৰ দিনটোতে ৰবাৰ্ট ক্লাইভ বংগৰ গৱৰ্নৰ হয় ।

১৯৭০ চনৰ আজিৰ দিনটোতে বলীউড অভিনেতা ছহেইল খানৰ জন্ম হৈছিল ।

১৫৯০ চনৰ আজিৰ দিনটোতে আধুনিক শৈল্য চিকিৎসাৰ জনক ৰূপে অভিহিত তথা প্ৰখ্যাত চিকিৎসক আমৰায় পৰীৰ মৃত্যু হয়।

১৭৮০ চনৰ আজিৰ দিনটোতে ব্ৰিটেইনে হলেণ্ডৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ৷

১৯৩৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মহিলা অধিকাৰৰ সমৰ্থক,লেখক, বক্তা তথা ভাৰত প্ৰেমী আৰু ভাৰত প্ৰেমী ড° এনী বেছেন্টৰ মৃত্যু হৈছিল ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় গোল্ফ সংস্থাৰ গঠন হৈছিল ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় বলাৰ জাছু পেটেলে কানপুৰত অষ্ট্ৰেলিয়াৰ লগত হোৱা খেলত ৬৯ ৰাণত ৯ টা উইকেট লয়৷

১৯৭৩ চনৰ আজিৰ দিনটোতে স্পেইনৰ প্ৰধানমন্ত্ৰী এডমিৰেল লুইছ কৰেৰা ব্লেঙ্কক’ৰৰ নিহত হয় ৷ প্ৰধানমন্ত্ৰী জনৰ গাড়ীত এক বোম সংস্থাপন কৰিছিল কোনো দুস্কৃতিকাৰীয়ে ৷

১৯৭৬ চনত আজিৰ দিনটোতে ইজৰাইলৰ তৎকালীন প্ৰধানমন্ত্ৰী য়িতজাক ৰাবিনে ইস্তীফা দিয়ে ৷

১৯৮৮ চনৰ আজিৰ দিনটোতে ৬২ সংখ্যক সংবিধান সংশোধন মাধ্যমৰ দ্বাৰা ভোটদান দিয়াৰ বয়স ২১ বছৰৰ পৰা ১৮ বছৰলৈ হ্ৰাস কৰে ৷

১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰত আৰু পাকিস্তানে কোনো ধৰণৰ পৰমাণু সম্পৰ্কীয় এখনে আনখন দেশৰ নকৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰে ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত যিকোনো ক্ষেত্ৰত সহযোগ কৰা ক্ষেত্ৰত স্বাক্ষৰ হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি