Begin typing your search above and press return to search.

দিনটোৰ আৰম্ভনি কৰক: ১১ জানুৱাৰী দিনটোৰ ইতিহাসেৰে

দিনটোৰ আৰম্ভনি কৰক:  ১১ জানুৱাৰী দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 Jan 2019 5:14 AM GMT

প্ৰত্যেক দিনটোৰ আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই দিনটোতে সমাজ তথা দেশলৈ বিশেষ অৱদান আগবঢ়োৱা লোক সকলৰ জন্ম হৈছিল ৷ অন্যহাতে এই বিশেষ দিনটোতে দেশ তথা সমাজত বিশেষ কিছু ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে । আহক চাওঁ আজিৰ দিনটোৰ ইতিহাস ৷

১৯৪৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ শিবু সোৰেনৰ জন্ম হৈছিল।

১৯৫৪ চনৰ আজিৰ দিনটোতে শিশু মজদূৰীৰ বিৰুদ্ধে সমাজত সচেতনতা অনা কৈলাশ সত্যাৰ্থীৰ জন্ম হৈছিল ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ৰ জন্ম হৈছিল ।

১৮৬০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ কবিসকলৰ ভিতৰত এজন শ্ৰীধৰ পাঠকৰ জন্ম হৈছিল।

১৮৪২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ আমেৰিকাৰ দাৰ্শনিক তথা মনোবৈজ্ঞানিক বিলিয়ম জেম্সৰ জন্ম হৈছিল।

১৫৬৯ চনৰ আজিৰ দিনটোতে প্ৰথম লটাৰীৰ শুভাৰম্ভ ইংলেণ্ডত কৰিছিল ।

১৬১৩ চনৰ আজিৰ দিনটোতে মোগল সাম্ৰাজ্যৰ সম্ৰাট জাহাংগীৰে ইষ্ট ইণ্ডিয়া কোম্পানীক চুৰটত কাৰখানা স্থাপন কৰিবলৈ সন্মতি প্ৰদান কৰিছিল ৷

১৬১৬ চনৰ আজিৰ দিনটোতে ব্ৰিট্ৰিছ ৰাজদূত চাৰ থমাছ ৰ’য়ে আজমীৰত জহাংগীৰৰ লগত সাক্ষাৎ হয় ৷

১৭৫৩ চনৰ আজিৰ দিনটোতে স্পেইন ৰজা জোকিন মুৰাতে নেপ’লিয়ন বোনাপাৰ্টৰ লগত সম্পৰ্ক ছেদ কৰে৷

১৭৫৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ফিলাডেল্ফিয়াত প্ৰথম জীৱন বীমা কম্পনীৰ আৰম্ভ কৰে ৷

১৭৭৯ চনৰ আজিৰ দিনটোতে চিংগ থাংগ খোৱা মণিপুৰৰ ৰজা হয় ৷

১৯২২ চনৰ আজিৰ দিনটোতে ডাইবেটিছৰ ৰোগীক প্ৰথম বাৰৰ কাৰণে ইচুলিন দিয়ে ৷

১৯৪২ চনৰ আজিৰ দিনটোতে জাপানে মালেছিয়াৰ ৰাজধানী কুআলালপুৰ অধিকাৰ কৰে ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে য়ুনানী গৃহযুদ্ধই যুদ্ধ বিৰতি লয়৷

১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতত কাগজৰ উৎপাদন আৰম্ভ কৰে ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে বাংলাদেশক পূৰ্বী জাৰ্মানীয়ে মান্যতা প্ৰদান কৰে ।

১৯৯৫ চনৰ আজিৰ দিনটোতে চোমালিয়াত দুই বছৰৰ পৰা হৈ অহা সংযুক্ত ৰাষ্ট্ৰ শান্তি সৈনিক অভিয়ানৰ সমাপ্ত হয়।

২০০১ চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত প্ৰতিৰক্ষা চুক্তি হয় ৷

২০০৫ চনৰ আজিৰ দিনটোতে ৰিলায়েঞ্চয়ে বি এছ এন এলক ৮৪ কোটি টকা পৰিশোধ কৰে ৷

২০০৯ চনৰ আজিৰ দিনটোতে "স্লামড’গ মিলিয়নেয়াৰ"ক ৬৬ সংখ্যক গোল্ডন গ্লোৱ এৱাৰ্ডত সৰ্বশ্ৰেষ্ঠ ছবি পুৰস্কাৰ লাভ কৰে ৷

১৯৬৬ চনৰ আজিৰ দিনটোতে "জয় জৱান জয় কিসান"ৰ শ্ল’গান দিয়া তৎকালীন প্ৰধানমন্ত্ৰী লাল বহাদূৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল ৷

১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতীয় কম্যিউনিষ্ পাৰ্টীৰ নেতা অজয় ঘোষে ইহলীলা সম্বৰণ কৰে ৷

১৯৯০ চনৰ আজিৰ দিনটোতে ধ্ৰুপদ ধমাৰ শেলীৰ গায়ক ৰাম চতুৰ মল্লিকৰ মৃত্যু হৈছিল ৷

২০০৮ চনৰ আজিৰ দিনটোতে শেৰপা তেনজিংগৰ লগত মাউন্ট এভাৰেষ্টৰ প্ৰথম আৰোহন কৰ্তা আৰু সমাজসেৱী ছাৰ এডমণ্ড হিলাৰীয়ে ইহলীলা সম্বৰণ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি