Begin typing your search above and press return to search.

দিনটোৰ আৰম্ভনি কৰক: ২৫ ডিচেম্বৰ দিনটোৰ ইতিহাসেৰে

দিনটোৰ আৰম্ভনি কৰক: ২৫ ডিচেম্বৰ দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2018 6:15 AM GMT

আজিৰ ২৫ ডিচেম্বৰ ৷ আজি খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলৰ প্ৰধান উৎসৱ বৰদিন ৷প্ৰথমতে সকলোলৈকে বৰদিনৰ শুভেচ্চা জনাই ৷ আৰম্ভ কৰিছোঁ ২৫ ডিচেম্বৰ দিনটোৰ ইতিহাস ৷ প্ৰত্যেক দিনটোৰ দৰে আজি ২৫ ডিচেম্বৰৰো আছে এক বিশেষ ইতিহাস । আজি এই বিশেষ দিনটোতো দেশলৈ তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলৰ জন্ম হৈছিল ৷ সেই মহান ব্যক্তিসকলৰ কাৰণে আজি আমাৰ দেশখন উন্নতিৰ পথত ধাৱমান হৈছে । আহক চাওঁ আজিৰ দিনটোত জন্ম হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ

১৬৪২ চনৰ আজিৰ দিনটোতে মহান গণিতজ্ঞ,বৈজ্ঞানিক,জ্যোতিবিদ্যা তথা দাৰ্শনিক আইজাক নিউটনৰ জন্ম হৈছিল।

১৮৬১ চনৰ আজিৰ দিনটোতে মহান স্বাধীনতা সংগ্ৰামী,ৰাজনীতিজ্ঞ, শিক্ষাবিদ আৰু সমাজ সুধাৰক মদনমোহন মালবীয়ৰ জন্ম হৈছিল ৷

১৮৭২ চনৰ আজিৰ দিনটোতে সংস্কৃত ভাষাৰ পণ্ডিত গংগানাথ ঝাৰ জন্ম হৈছিল ৷

১৮৭৬ চনৰ আজিৰ দিনটোতে বিট্ৰিছকালীন ভাৰতৰ মুখ্য নেতা তথা "মুছলিম লীগ"ৰ অধ্যক্ষ মহম্মদ আলী জিন্নাৰ জন্ম হৈছিল ৷

প্ৰসিদ্ধ চিকিৎসক,প্ৰসিদ্ধ ৰাষ্ট্ৰবাদী মুছলিম নেতা মুখ্যাত অহমদ অংসাৰীৰ জন্ম ১৮৮০ চনৰ আজিৰ দিনটোতে হৈছিল ৷

১৯১৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীতকাৰ নোসাদৰ জন্ম হৈছিল ৷

ভাৰতৰ দশম প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম ১৯২৪ চনৰ আজিৰ দিনটোতে হৈছিল ৷

১৯২৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিত্ৰকাৰ সতীশ গুজৰালৰ জন্ম হৈছিল।

১৯২৬ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যকাৰ ধৰ্মবীৰ ভাৰতীৰ জন্ম হৈছিল ৷

ছবি নিৰ্দেশক মণি কৌলৰ জন্ম ১৯৪৪ চনৰ আজিৰ দিনটোতে হৈছিল ।

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ জন্ম হৈছিল ১৯৪৯ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইতিহাসত সংঘটিত হোৱা কেইটিমান ঘটনাঃ

১৭৬৩ চনৰ আজিৰ দিনটোতে ভৰতপুৰৰ ৰজা সুৰজমলৰ নবাৱ নজীৱুদৌলাৰ লগত হোৱা যুদ্ধত বীৰগতি প্ৰাপ্ত হয়।

১৭৭১ চনৰ আজিৰ দিনটোতে মোগল শাসক শ্বাহ আলম দ্বিতীয়ৰ দিল্লীৰ ৰাজপাতত বহে ৷

১৮৯২ চনৰ আজিৰ দিনটোতে কন্যাকুমাৰীৰ সাগৰৰ মাজত অৱস্থিত ঢিলাত তিনি দিনৰ কাৰণে সাধনাত বহে।

১৯৪৬ চনৰ আজিৰ দিনটোতে তাইবানত সংবিধান অংগীকাৰ কৰে ৷

১৯২৬ চনৰ আজিৰ দিনটোতে হিৰ’হিত’ জাপানৰ সম্ৰাট অধিস্থিত হয় ৷

১৯৪৭ চনৰ আজিৰ দিনটোতে পাকিস্তানী সেনাই ঝানগড় নিজৰ অধীনলৈ আনে ৷

১৯৬২ চনৰ আজিৰ দিনটোতে নোবায়া জেমল্যা ক্ষেত্ৰত ছোবিয়েত সংঘই পৰমাণু পৰীক্ষণ কৰে ৷

১৯৭৪ চনৰ আজিৰ দিনটোতে ৰোমলৈ যাত্ৰা কৰা এয়াৰ ইণ্ডিয়া বিমান ৰোইগং 747 ক অপহৰণ কৰিছিল।

১৯৯১ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰপতি মিখাইল এছ গোৰ্বাচোবৰ পদত্যাগ পত্ৰৰ লগতে ছোবিয়েত সংঘৰ বিভাজন।

১৯৯৮ চনৰ আজিৰ দিনটোতে ৰুছ তথা ৱেলাৰুছৰ সংযুক্ত সংঘ গঠন কৰা সন্দৰ্ভত বুজাবুজিত হস্তাক্ষৰ হয়৷

২০০২ চনৰ আজিৰ দিনটোতে চীন আৰু বাংলাদেশৰ মাজত প্ৰতিৰক্ষা সম্পৰ্কীয় বুজাবুজি ৷

২০০৫ চনৰ আজিৰ দিনটোতে মৰীছাচত প্ৰায় ৪০০ বচৰ পূৰ্বতে বিলুপ্ত "ডীডী" পক্ষীৰ দুহেজাৰ বছৰ পূৰণি অৱশেষ উদ্ধাৰ হয় ৷

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ পৰা প্ৰেৰণ কৰা চন্দ্ৰ যান -১ য়ে বিভিন্ন ধৰণৰ চন্দ্ৰৰ নতুন ছবি প্ৰেৰণ কৰে ৷

দক্ষিণ কজাখাস্তানৰ শিমকেংট চহৰত এন্টোনাৰ কম্পনীৰ AAN-৭২ বিমান দুৰ্ঘটনা গ্ৰস্ত হয় ৷য’ত ২৭ জন লোকৰ মৃত্যু হয় ৷

আহক চাওঁ আজিৰ দিনটোত মৃত্যু হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ

১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা প্ৰেম অদীৱে ইহলীলা সম্বৰণ কৰে ৷

১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ অন্তিম গৱৰ্ণৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীৰ মৃত্যু হয় ।

১৯৭৭ চনৰ আজিৰ দিনটোতে হলীউডৰ প্ৰসিদ্ধ অভিনেতা চাৰ্লি ছেপলিনে মৃত্যু ৷

১৯৯৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ঝেল সিংহৰ মৃত্যু হৈছিল।

২০০৭ চনৰ আজিৰ দিনটোতে কানাডাৰ প্ৰসিদ্ধ পিয়ানোবাদক আৰু সংগীতকাৰ আস্কৰ পীটৰচনৰ মৃত্যু হৈছিল ৷

২০১১ চনৰ আজিৰ দিনটোতে নাট্যকাৰ,লেখক ছবি আৰু নাটকৰ নিৰ্দেশক সত্যদেৱ টুৱেৰ মৃত্যু ৷

২০১৫ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী সাধনাৰ মৃত্যু হৈছিল ৷

আজি ভাৰত চৰকাৰৰ সু প্ৰশাসন দিৱস ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story