দিনটোৰ আৰম্ভ কৰক: আজিৰ দিনটোৰ ইতিহাসেৰে

প্ৰত্যেক দিনৰ দৰে ২৮ ডিচেম্বৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ এই বিশেষ দিনটোত এনেধৰণৰ কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনা ইতিহাসৰ পাতত সোনালী আখৰেৰে লিপিবদ্ধ হৈ আছে ৷ অৱশ্যে এই দিনটোতে আমি আমাৰ দেশক বিভিন্ন অৱদানেৰে আগুৱাই নিয়া অথবা দেশক,প্ৰতিনিধিত্ব কৰা বিশেষ ব্যক্তিসকলক হেৰুৱাইছো ৷ ইয়াৰ বিপৰীতে, আমাৰ দেশলৈ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছে আজিৰ দিনটোতে ৷ আহক আজি দিনটোৰ আৰম্ভনি কৰোঁ, দিনটোৰ ইতিহাসেৰে ৷
আহক চাওঁ আজিৰ দিনটোত জন্ম হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ
১৯৩৫ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰাজকুমাৰী এলিজাবেথৰ জন্ম হৈছিল ৷
১৯০০ চনৰ আজিৰ দিনটোতে মাৰাঠী ঔপন্যাসিক,আলোচক তথা সাংবাদিক গজানন মাডখোলকৰৰ জন্ম হৈছিল ৷
১৯০৩ চনৰ আজিৰ দিনটোতে গণিতজ্ঞ আৰু বেজ্ঞানিক জাঁ ফাঁন ন্যুমনৰ জন্ম হৈছিল ।
আমেৰিকাৰ কমেডী নিৰ্মাতা ষ্টেন লীৰ জন্ম হৈছিল ১৯২২ চনৰ আজিৰ দিনটোতে ৷
১৯৩২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ উদ্যোগপতি ধীৰুভাই অম্বানীৰ জন্ম হৈছিল ৷
১৯৩৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় উদ্যোগপতি ৰতন টাট আম্বানিৰ জন্ম হৈছিল ৷
ভাৰতীয় ৰাজনৈতিক নেতা অৰুণ জেটলীৰ জন্ম হৈছিল ১৯৫২ চনৰ আজিৰ দিনটোতে৷
ৰামায়ন প্ৰবক্তা আচাৰ্য পণ্ডিত ট্ৰিবেদীৰ জন্ম হৈছিল ১৯৯১ চনৰ আজিৰ দিনটোতে ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইতিহাসত সংঘটিত হোৱা কেইটিমান ঘটনাঃ
১৬১২ চনৰ আজিৰ দিনটোতে গেলিলিঅ’ই নেপচুন গ্ৰহক প্ৰত্যক্ষ কৰিছিল লগতে নেপচুনক এক স্থিৰ গ্ৰহ হিচাপে প্ৰতিপন্ন কৰিছিল ।
১৬৬৮ চনৰ আজিৰ দিনটোতেই মৰাঠা শাসক চত্ৰপতি শিৱাজী মহাৰাজৰ পুত্ৰ সংভাজীক মোগল শাসক ঔৰংগজেৱে কয়দী কৰি বিভিন্ন যাতনা দিয়াৰ কাৰণে মৃত্যু হয় ৷
১৭৬৭ চনৰ আজিৰ দিনটোতে কিং তাকচিন থাইলেণ্ডৰ ৰজা হয় ।ইয়াৰ পিছত ৰজা তাক চিনে থোনবুৰীক ৰাজধানী পাতে ৷
১৮৩৬ চনৰ আজিৰ দিনটোতে স্পেইনে মেক্সিক’ক স্বাধীন হিচাপে মান্যতা প্ৰদান কৰে ৷
১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় কংগ্ৰেছৰ স্থাপন হৈছিল৷
১৯৮৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধিবেশন হৈছিল ৷এই অধিবেশন হৈছিল মুম্বাইত ৷ য’ত ৭২ জন প্ৰতিনিধিয়ে যোগদান কৰিছিল ৷
১৮৯৫ চনৰ আজিৰ দিইটোতে কোনো এক কাহিনী চিত্ৰনাট্যৰ ৰূপ দিয়ে ৷ এই কাহিনীক চিত্ৰ নাট্যৰ ৰূপ দি চলচ্চিত্ৰৰ ৰূপ দিছিল ফান্সৰ লুমীৰ ৱন্ধুঅ’ই ৷ যাক ছবি জগতৰ জনক বুলি কোৱা হয় ৷
১৯০৬ চনৰ আজিৰ দিনটোত দক্ষিণ আমেৰিকাৰ দেশ ইক্বাডোৰে উদাৰবাদী সংবিধানখন দ্বিতীয়বাৰৰ কাৰণে অংগীকাৰ কৰে ।
ইটালিৰ মেছিনাত ১৯০৮ চনৰ আজিৰ দিনটোতে অহা ভূমিকম্পত প্ৰায় ৮০ জন লোকৰ মৃত্যু হয় ৷
ইংপিৰিয়ল এয়াৰৱেজে ১৯২৬ চনৰ আজিৰ দিনটোতে ভাৰত আৰু ইংলেণ্ডৰ মাজত যাত্ৰী আৰু ডাক সেৱাৰ কাম আৰম্ভ কৰে ৷
কোলকাতাত প্ৰথমবাৰৰ কাৰণে ১৯২৮ চনত ভাষা ব্যৱহৃত ছবি "মেল’ডী অফ লভ" প্ৰদৰ্শন কৰিছিল ।
১৯৪২ চনৰ আজিৰ দিনটোতে ৰবাৰ্ট চুলিৱন প্ৰথম পাইলট হয় ।যিয়ে আটলান্টিক মহাসাগৰৰ ওপৰত ১০০ বাৰ হেলিকপ্টাৰ উৰুৱাই ।
১৯৫০ চনৰ আজিৰ দিনটোতে দ্য পীক ডিষ্ট্ৰিক ব্ৰিট্টেইনৰ প্ৰথম ৰাষ্ট্ৰীয় পাৰ্ক সাজে।
১৯৫৭ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ উত্তৰ দিশত অৱস্থিত এক পশু উদ্যানক ফুড এণ্ড মাউথ অসুখৰ কাৰণে বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হয় ।
ছোবিয়েত সংঘই ১৯৫৭ চনৰ আজিৰ দিনটোতে পৰমাণু পৰীক্ষণ কৰিছিল ৷
১৯৬৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাজ্য ফ্ল’ৰিডাৰ মিয়ামীত হোৱা এক পোপ উৎসৱত এক লাখ লোকে অংশগ্ৰহণ কৰিছিল ৷
১৯৭৪ চনৰ আজিৰ দিনটোতে পাকিস্তান হোৱা ৬.৩ তীব্ৰতাৰ এক ভূকম্পৰ ফলত প্ৰায় ৫২০০ জন লোকৰ মৃত্যু হয় ৷
১৯৭৬ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাদাত পৰমাণু পৰীক্ষণ কৰিছিল ৷
১৯৮৪ চনৰ আজিৰ দিনটোতে ৰাজীৱ গান্ধীৰ নেতৃত্বত হোৱা কংগ্ৰেছৰ লোকসভা নিৰ্বাচনত জয়ী হয় ৷
২০১৩ চনৰ আজিৰ দিনটোতে আম আদমী পাৰ্টিয়ে দিল্লীত কংগ্ৰেছৰ সমৰ্থন
চৰকাৰ গঠন কৰে ।
আহক চাওঁ আজিৰ দিনটোত মৃত্যু হোৱা মহান ব্যক্তিসকলৰ তালিকাঃ
জনপ্ৰিয় ফেছন ফ’টোগ্ৰাফাৰ হৱে ৰিটছৰ ২০০২ চনৰ আজিৰ দিনটোতে মৃত্যু হয় ৷
১৮৫৯ চনৰ আজিৰ দিনটোতে বিট্টিছ ইতিহাসবিদ থমাছ ৱেৱিংগটন মেক্সাবলেৰ মৃত্যু হৈছিল ।
১৯৪০ চনৰ আজিৰ দিনটোতে বহুমুখী প্ৰতিভাৰ অধিকাৰী সামাজিকভাৱে সকলো দিশত অগ্ৰদূতৰ ভূমিকা লোৱা ছত্তীছগড়ৰ জন জাগৰণকৰ্তা সুন্দৰলাল শৰ্মাৰ মৃত্যু হৈছিল ৷
১৯৭২ চনৰ আজিৰ দিনটোতে অধিবক্তা,লেখক, ৰাজনীতিজ্ঞ,দাৰ্শনিক ৰাজা গোপালাচাৰীৰ মৃত্যু হৈছিল ৷
১৯৭৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনৈতিক নেতা তথা ৰাজস্থানৰ প্ৰথম মুখ্যমন্ত্ৰী হিৰা লাল শাস্ত্ৰীৰ মৃত্যু হৈছিল ৷
১৯৭৭ চনৰ আজিৰ দিনটোতে হিন্দী কবি সুমিত্ৰানন্দন পন্তৰ মৃত্যু হৈছিল ৷
আজি কেন্দ্ৰীয় আৰক্ষী দিৱস ৷
অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি