Begin typing your search above and press return to search.

দিনটোৰ আৰম্ভ কৰক আজিৰ দিনটোৰ ইতিহাসেৰে

দিনটোৰ আৰম্ভ কৰক আজিৰ দিনটোৰ ইতিহাসেৰে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 Jan 2019 4:56 AM GMT

প্ৰত্যেক দিনৰ দৰে দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ এই বিশেষ দিনটোত এনেধৰণৰ কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনা ইতিহাসৰ পাতত সোনালী আখৰেৰে লিপিবদ্ধ হৈ আছে ৷ অৱশ্যে এই দিনটোতে আমি আমাৰ দেশক বিভিন্ন অৱদানেৰে আগুৱাই নিয়া অথবা দেশক,প্ৰতিনিধিত্ব কৰা বিশেষ ব্যক্তিসকলক হেৰুৱাইছো ৷ ইয়াৰ বিপৰীতে, আমাৰ দেশলৈ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছে আজিৰ দিনটোতে ৷আহক আজি দিনটোৰ আৰম্ভনি কৰোঁ, দিনটোৰ ইতিহাসেৰে ৷

প্ৰথমতে আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনাৰ তালিকা চাওঁ আহকঃ

১৭৫৭ চনৰ আজিৰ দিনটোতে বিট্ৰিছ সৈনিকে কোলকাতাক চহৰক নিজৰ অধীনলৈ লয়।

১৮৩৯ চনৰ আজিৰ দিনটোতে চন্দ্ৰৰ প্ৰথম ফ’টো লয় ফান্সিছ ফ’টোগ্ৰাফাৰ লুই টাগুএৰে ৷

১৮৯৯ চনৰ আজিৰ দিনটোৰ পৰাই ৰামকৃষ্ণৰ আদেশত সাধুসকল কোলকাতাস্থিত বেলুৰ মঠত থাকিবলৈ লয়৷

১৯৪২ চনৰ আজিৰ দিনটোতে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানী সেনাই ফিলিপাইন্সৰ ৰাজধানী মনীলা দখল কৰে ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে পদ্ম বিভূষণ পুৰস্কাৰ স্থাপন কৰিছিল ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰত ৰত্ন পুৰস্কাৰৰ স্থাপন কৰিছিল ।

১৯৮৮ চনৰ আজিৰ দিনটোতে ৰণসিন্ধে প্ৰেমদাস শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হয় ৷

দ্বিতীয়তে জানো আহক , আজিৰ দিনটোত জন্ম গ্ৰহণ কৰা মহান মনীষীসকল তালিকাঃ

১৮৭৮ জনৰ আজিৰ দিনটোতে কেৰেলাৰ প্ৰসিদ্ধ সমাজ সুধাৰক মঋন্তু প্ৰঝানাভনৰ জন্ম হৈছিল ৷

হিন্দী সাহিত্যৰ প্ৰসিদ্ধ মনোবৈজ্ঞানিক তথা উপন্যাসিক জৈনেন্দ্ৰ কুমাৰৰ জন্ম হৈছিল ১৯০৫ চনৰ আজিৰ দিনটোতে ৷

১৯০৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ দুগ্ধ উদ্যোগ স্থাপনত যোগদান কৰা ডী এন খুৰোটেৰ জন্ম হৈছিল ৷

১৯৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় আমেৰিকাৰ গণিতজ্ঞ এছ আৰ শ্ৰীনিবাস বৰ্দ্ধনৰ জন্ম হৈছিল ৷

প্ৰসিদ্ধ সাতোঁৰবিদ বুলা চৌধুৰীৰ জন্ম হৈছিল ১৯৭০ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাও আহক আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰা লোকসকলৰ তালিকাঃ

১৯৫০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মহিলা স্বাধীনতা সংগ্ৰামী তথা সমাজ সংস্কাৰক ড° ৰাধাবাইৰ মৃত্যু হৈছিল৷

১৯৮৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰছৰ মুখ্য নেতা তথা আধুনিক উৰিষ্যাৰ নিৰ্মাতাসকলৰ ভিতৰত এজন হৰে কৃষ্ণ মেহতাৱৰ মৃত্যু হৈছিল ৷

প্ৰসিদ্ধ মাক্সবাদী নাট্যকাৰ,কলাকাৰ, নিৰ্দেশক তথা গীতিকাৰ সফদৰ হাশামীৰ মৃত্যু হৈছিল ১৯৮৯ ৰ আজিৰ দিনটোতে ৷

২০১০ চনৰ আজিৰ দিনটোতে গুজৰাটী সাহিত্যকাৰ ৰাজেন্দ্ৰ সাহৰ মৃত্যু হৈছিল ৷

স্বাধীনতা সংগ্ৰামী তথা পূৰ্বৰ লোকসভা অধ্যক্ষ বলী ৰাম ভগতৰ মৃত্যু হৈছিল ২০১১ চনৰ আজিৰ দিনটোতে ৷

অধিক খবৰৰ বাবে পঢ়ক: শীৰ্ষ বাতৰি

Next Story
চাকৰি