দিনটোৰ আৰম্ভ কৰক: আজিৰ দিনটোৰ ইতিহাসেৰে

আজি ৪ জানুৱাৰী ৷ প্ৰত্যেক দিনটোৰ দৰেই ৪ জানুৱাৰী দিনটোৰো আছে এক বিশেষ তাৎপৰ্য৷ এই বিশেষ দিনটোতে আমাৰ দেশ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা লোকসকলৰ জন্ম হৈছিল ৷ যিসকলৰ কাৰণে আজি আমাৰ দেশখনত উন্নতিৰ দিশত আগবাঢ়ি যোৱাৰ লগতে, প্ৰযুক্তি বিদ্যাৰ দিশতো আগবাঢ়ি গৈছে৷ লগতে এই বিশেষ দিনটোতে মৃত্যু হৈছিল দেশ তথা সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা লোসকলৰ ৷
আহক চাওঁ আজিৰ দিনটোতে জন্ম গ্ৰহণ কৰা লোকসকলৰ তালিকাঃ
১৬৪৩ চনৰ আজিৰ দিনটোতে বিজ্ঞানী ছাৰ আইজাক নিউটনৰ জন্ম হৈছিল ৷
১৮০৯ চনৰ আজিৰ দিনটোতে দৃষ্টিহীন লোকসকলৰ কাৰণে আৱশ্যকীয় লিপি ব্ৰেল লিপিৰ আৱিস্কাৰক প্ৰসিদ্ধ ব্যক্তি লুই ব্ৰেলৰ জন্ম হৈছিল ।
১৮৯২ চনৰ আজিৰ দিনটোতে ভাৰতৰ অৰ্থশাস্ত্ৰী জে সী কুমাৰপ্পাৰ জন্ম হৈছিল৷
১৯২৪ চনৰ আজিৰ দিনটোতে ধাৰ্মিক বিচাৰক চেৱাস্তিয়ন কপ্পেনৰ জন্ম হৈছিল৷
১৯২৫ চনৰ আজিৰ দিনটোতে কবি গোপাল দাস নীৰজৰ জন্ম হৈছিল ।
১৯৩১ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী নিৰুপা ৰয়ৰ জন্ম হৈছিল।
১৯৬৫ চনৰ আজিৰ দিনটোতে অভিনেতা আদিত্য পাঞ্চালীৰ জন্ম হৈছিল ৷
১৯৮৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় লেখক নাৱিলা জমশেদৰ জন্ম হৈছিল ।
১৯২৫ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ অভিনেতা প্ৰদীপ কুমাৰৰ জন্ম হৈছিল ৷
১৮৮৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যকাৰ লোচন প্ৰসাদ পাণ্ডেয়ৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোত দেশ বিদিশত সংঘটিত হোৱা কিছুমান ঘটনাৰ ইতিহাসঃ
১৬৪২ চনৰ আজিৰ দিনটোতে ইংলেণ্ড ৰজা চাৰ্লছ ৪০০ সৈনিক দ্বাৰা সংসদৰ ভৱনত আক্ৰমণ কৰিছিল ৷
১৭৬২ চনৰ আজিৰ দিনটোতে স্পেইন আৰু নেপল্সৰ বিৰুদ্ধে ইংলেণ্ডে যুদ্ধ ঘোষণা কৰিছিল ৷
১৯০৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাই ইংলেণ্ডক এটা উইকেটত হৰুৱাই প্ৰথমখন টেষ্ট জয়ী হৈছিল ।
১৯০৬ চনৰ আজিৰ দিনটোতে ৰজা জৰ্জ পঞ্চমে কলকত্তাৰ ভিক্টোৰিয়া মেম’ৰিয়েল হলৰ আধাৰশিলা স্থাপন কৰিছিল ৷
১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নিউয়ক চহৰত প্ৰথমখন মেট্ৰ’ ৰেল মুকলি হয় ।
১৯৯০ চনৰ আজিৰ দিনটোতে পাকিস্তানত দুখন ট্ৰেইনৰ সংঘৰ্ষত প্ৰায় ৪০০ জন লোক নিহত হয় ৷ আৰু ৫৪৭ জন লোক আহত হয় ।
১৯৯৮ চনৰ আজিৰ দিনটোতে বাংলাদেশে ভাৰতক আলফা নেতা অনুপ চেতিয়াক হস্তান্তৰ কৰিবলৈ অসন্মতি প্ৰদান কৰে ৷
২০০৪ চনৰ আজিৰ দিনটোতে প্ৰাক্তন তথা প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু উল্লা খান জমালীৰ মাজত ইছলামাবাদত এক বৈঠক আয়োজিত কৰে ৷
২০০৯ চনৰ আজিৰ দিনটোতে পিপলছ্ ডেম’ক্ৰেটিক পাৰ্টিয়ে ইউ পি এ ৰ লগত সম্পৰ্ক ছেদ কৰে ৷
২০১০ চনৰ আজিৰ দিনটোৰ পৰাই ভাৰত ষ্ট’ক এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়াৰ আদেশত শ্বেয়াৰ বজাৰ মুকলি কৰাৰ সময় এক ঘন্টা আগুৱাই পুৱা ৯ বজা কৰি দিছে ৷
এইবাৰ চাও আহক আজিৰ দিনটোত ইহলীলা সম্বৰণ কৰা লোকসকলৰ তালিকাঃ
১৯৩১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ পত্ৰকাৰ,স্বাধীনতা সংগ্ৰামী নেতা মহম্মদ আলীৰ মৃত্যু হয় ।
১৯৮৩ চনৰ আজিৰ দিনটোতে ঝাৱৰমল্ল শৰ্মাৰ মৃত্যু হৈছিল ৷ তেখেত আছিল ৰাজস্থানৰ বয়োবৃদ্ধ সাহিত্যকাৰ,পত্ৰকাৰৰ লগতে ইতিহাসকাৰ ৷
১৯৯৪ চনৰ আজিৰ দিনটোতে ৰাহুল দেৱ বৰ্মন(আৰ ডি বৰ্মন)ৰ মৃত্যু হৈছিল ৷ তেখেত আছিল হিন্দী ছবি জগতৰ প্ৰসিদ্ধ সংগীতকাৰ ৷
২০১৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৩৮ সংখ্যক মুখ্য ন্যায়াধীশ এছ এছ কাপাডিয়াৰ মৃত্যু হৈছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি