দিনটোৰ আৰম্ভ কৰক ৫ জানুৱাৰী দিনটোৰ ইতিহাসেৰে

দিনটোৰ আৰম্ভ কৰক ৫ জানুৱাৰী দিনটোৰ ইতিহাসেৰে
Published on

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

১৫৯২ চনৰ আজিৰ দিনটোতে লাহোৰত (পাকিস্তান) মোগল শাসক শাহাবুদ্দিন মহম্মদ শ্বাহজহাঁৰ জন্ম হৈছিল ৷

১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ সাংবাদিক তথা স্বাধীনতা সংগ্ৰামী নেতা ৱাৰিন্দ্ৰ কুমাৰ ঘোষৰ জন্ম হৈছিল ।

১৯৫৫ চনৰ আজিৰ দিনটোতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ জন্ম হৈছিল ৷

আজিৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনক জন্ম দিন ৷১৯৮৬ চনৰ আজিৰ দিনটোতে জন্ম হৈছিল দীপিকাৰ ৷

১৯০৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বিদ্বান,সমাজ সংস্কাৰক, লেখক তথা পালি ভাষাৰ বিদ্বান ভদন্ত আনন্দ কোসল্যায়নৰ জন্ম হৈছিল।

১৯৬৭ চনৰ আজিৰ দিনটোতে কবি সাহিত্যকাৰ আশোক কুমাৰ শুক্লাৰ জন্ম হৈছিল ।

১৯৩৮ চনৰ আজিৰ দিনটোতে স্পেইনৰ ৰাষ্ট্ৰপতি জন কাৰ্লচ প্ৰথমৰ জন্ম হৈছিল ৷

১৮৯৩ চনৰ আজিৰ দিনটোতে যোগ তথা আধ্যাত্মিক গুৰু শ্ৰী যোগানন্দ জীৰ জন্ম হৈছিল।

১৬৭১ চনৰ আজিৰ দিনটোতে ছত্ৰপতি শিৱাজী শিৱাজী মহাৰাজে মোগলৰ পৰা সল্হৰ ক্ষেত্ৰক নিজৰ অধীনলৈ আনে ৷

১৭৩১ চনৰ আজিৰ দিনটোতে মস্কোত প্ৰথম বাৰৰ কাৰণে ষ্ট্ৰিট লাইট জ্বলাইছিল ৷

১৮৫০ চনৰ আজিৰ দিনটোতে কেলিফৰ্ণিয়াত ষ্টক এক্সচেঞ্জ মুকলি কৰিছিল ৷

১৯০০ চনৰ আজিৰ দিনটোতে আয়াৰলেণ্ডৰ ৰাষ্ট্ৰবাদী নেতা জন এডবৰ্ড ৰেডম’ণ্ডে ব্ৰিট্ৰিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ।

১৯০৯ চনৰ আজিৰ দিনটোতে কলম্বিয়া,আমেৰিকা, পানামাৰ ভিতৰত পানামাক স্বাধীন ৰাজ্য হিছাপে লোৱাৰ বুজাবুজি হৈছিল ৷

১৯৬১ চনৰ আজিৰ দিনটোতে আমেৰিকাই কিউবাৰ পৰা ৰাজনৈতিক সম্বন্ধ শেষ কৰে ৷

১৯৭০ চনৰ আজিৰ দিনটোৰ পৰাই ভাৰতত কেন্দ্ৰীয় বিক্ৰী কৰ অধিনিয়মৰ অস্তিত্ব আৰম্ভ হয় ।

১৯৭১ চনৰ আজিৰ দিনটোতে প্ৰথম এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত মেলবৰ্ণত অনুষ্ঠিত হৈছিল।

২০০২ চনৰ আজিৰ দিনটোতে কাঠমাণ্ডুত শিখৰ সন্মিলন আৰম্ভ ৷ শিখৰ সন্মিলন আৰম্ভৰ সময়ত পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফে ভাৰতৰ লগত বন্ধুত্বৰ হাত আগবঢ়াই ৷ সেই সময়তে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে কৈছিল যে "বিশ্বাসৰ যোগ্য নহয়" ৷

২০০৩ চনৰ আজিৰ দিনটোতে আলজেৰিয়াত হোৱা বিদ্ৰোহত প্ৰায় ৪৩ জন সৈনিক নিহত হয় ।

২০০৬ চনৰ আজিৰ দিনটোতে ভাৰত আৰু নেপালৰ মাজত হোৱা সন্ধিৰ সময় ৩ মাহৰ কাৰণে বৃদ্ধি কৰে ।

২০০৯ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় কংগ্ৰেছৰ অধ্যক্ষ ওমৰ আব্দুলাই জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰীৰূপে শপত লয় ।

১৮৯০ চনৰ আজিৰ দিনটোতে অধিবক্তা জ্ঞানেন্দ্ৰ মোহন ঠাকুৰৰ মৃত্যু হয় ।

১৯৫২ চনক আজিৰ দিনটোতে ব্ৰিট্ৰিছ ৰাজনেতা লৰ্ড লিনলিথগোৰ মৃত্যু হয় ।

হিন্দী ছবি জগতৰ সংগীতকাৰ,গায়ক আৰু নিৰ্মাতা নিৰ্দেশক শ্ৰী ৰামচন্দ্ৰৰ মৃত্যু হৈছিল ১৯৮২ চনৰ আজিৰ দিনটোতে।

১৯৯০ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবি নিৰ্দেশক তথা নিৰ্মাতা ৰমেশ ৱহলৰ মৃত্যু হৈছিল।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com