Begin typing your search above and press return to search.

দিপাৱলীৰ অনুষ্ঠানৰ ফটোত নাই শ্বাহৰুখ খানৰ পুত্ৰ,কিন্তু কিয়???

দিপাৱলীৰ অনুষ্ঠানৰ ফটোত নাই শ্বাহৰুখ খানৰ পুত্ৰ,কিন্তু কিয়???

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 Nov 2018 9:06 AM GMT

যোৱা ৰাতি শিল্পা চেত্তীৰ লগে লগে বলীউডৰ বাদশ্বাহেও আয়োজন কৰে দিপাৱলীৰ অনুষ্ঠান । শ্বাহৰুখৰ ঘৰ "মন্নত"ত আয়োজন কৰে দিৱালী(প্ৰি-দিৱালী)ৰ অনুষ্ঠান । নামী-দামী বহু ব্যক্তি উপস্থিত থাকে অনুষ্ঠান খনত । যোৱা দুদিন মান ধৰি শ্বাহৰুখৰ বাবে অতি আনন্দ তথা বিশেষ দিন ,জন্মদিন,জিৰ' ছবিৰ ট্ৰেইলাৰ মুকলি হোৱাৰ দিনা খনো আয়োজন কৰিছিল এক ডাঙৰ পাৰ্টী তথা অনুষ্ঠান আৰু যোৱা ৰাতি হৈ গ'ল দিৱালীৰ গ্ৰেণ্ড চেলিব্ৰেচন ।

এই অনুষ্ঠানৰ চৰ্চা বৰ্তমানেও সকলোৰে মাজত । অনুষ্ঠানত শ্বাহৰুখ খানে নিজৰ পত্নী গৌৰী,কন্যা চুহানা আৰু সৰু ল'ৰা আব্ৰামৰ সৈতে কলা আৰু বগা ৰঙৰ পোছাক পৰিধান কৰা ৰূপত দেখা পোৱা গ'ল । সেই সুন্দৰ সময় খিনিৰ কিছু ফটো গৌৰীয়ে নিজ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰিছে ।

https://www.instagram.com/p/Bpuh9K4HuQV/

https://www.instagram.com/p/Bpw2TYpHdcq/

গৌৰীয়ে প্ৰকাশ কৰা ফটো দেখি শ্বাহৰুখে আৰয়ানক মনত কৰি টুইটাৰ যোগেদি কৰিলে কমেণ্ট ।

https://twitter.com/iamsrk/status/1059125736630640641?ref_src=twsrc^tfw|twcamp^tweetembed|twterm^1059125736630640641&ref_url=https://www.bollywoodlife.com/hi/news-gossip/shah-rukh-khan-misses-son-aryan-khan-in-diwali-2018-celebration-photos-read-tweet/

অধিক জানিবলৈ ক্লিক কৰক: শিল্পা চেত্তীয়ে আয়োজন কৰা দিপাৱলীৰ অনুষ্ঠানত নামী-দামী তাৰকা সকলৰ আগমন;ফটো

আপোনালোকক জনাই দিয়া উচিত যে,শ্বাহৰুখ খানৰ কন্যা চুহানা আৰু পুত্ৰ আৰয়ানে বিদেশত পঢ়া-শুনা কৰে । অলপতে চুহানা চুটীত ঘৰলৈ আহিছে আনহাতে আৰয়ান বৰ্তমানেও আছে বাহিৰত । এনে সময়ত ঘৰত যিকোনো অনুষ্ঠানৰ আয়োজন কৰিলে নিজৰ সন্তানক মনত কৰাটো স্বাভাৱিক কথা ।

Next Story
চাকৰি