
পাঞ্জাৱী গায়ক তথা অভিনেতা দিলজীত দোসাঞ্জৰ প্ৰতিমূৰ্তি নতুন দিল্লীৰ মেডাম তুসাড সংগ্ৰাহালয়ত স্থাপন কৰা হ’ল ৷ এই সন্দৰ্ভত পাঞ্জাবী তথা বলীউডৰ গায়ক তথা অভিনেতা জনে ইতিমধ্যে টুইট কৰিছে ৷ টুইটৰ লগতে দিলজীত দোসাঞ্জে ৱেক্স ষ্টেচ্যুৰ এখন ফ’টো অনুৰাগীলৈ আগবঢ়াইছে ৷ বিগত সময়ত দিলজীত দোসাঞ্জে হকীৰ মহান খেলুৱৈ সন্দীপ সিঙৰ বায়’পিকৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷
ইফালে সুৰমা নামৰ বায়’পিক খনৰ মুক্তিৰ সময়তে দিলজীত দোসাঞ্জে ঘোষণা কৰিছিল যে পাঞ্জাৱৰ এই পুত্ৰ জনে মেডাম তুসাডত নিজৰ নাম সন্নিবিষ্ট কৰিব ৷ সম্প্ৰতি দিলজীত দোসাঞ্জৰ সেই কথা বাস্তৱত ৰূপায়িত হ’ল। শুক্ৰবাৰে নতুন দিল্লীত অভিনেতা তথা গায়ক দিনজীতৰ প্ৰতিমূৰ্তি উদঘাটন কৰাৰ পিছতেই নিজৰ মনোভাৱ প্ৰকাশ কৰে গায়কজনে ৷ লগতে দিলজীতে টুইট কৰে যে মেডাম তুসাডত নাম সন্নিবিষ্ট কৰা প্ৰথম শিখ ৷ কাৰণ মেডাম তুসাডত নিজৰ প্ৰতিমূৰ্তি স্থাপন হোৱা দিলজীত দোসাঞ্জ হৈছে প্ৰথম চৰদাৰ ৷
মেডাম তুসাডৰ প্ৰতিমূৰ্তিটোত দিলজীত দোসাঞ্জক ক’লা ৰঙৰ পোচাকত দেখিবলৈ পোৱা গৈছে ৷ উদঘাটনৰ সময়ত দিলজীত আৰু প্ৰতিমূৰ্তিটোৰ সাদৃশ্য আছিল লক্ষ্যনীয় ৷ অন্যহাতে বায়’পিক সুৰমাত দিলজিত দোসাঞ্জে আকৰ্ষণীয় অভিনয় কৰিছে ৷ চলচ্চিত্ৰ সমীক্ষক,দৰ্শক আৰু বহু বলীউড,পাঞ্জাৱী ষ্টাৰে দিলজীত দোসাঞ্জৰ অভিনয়ক প্ৰশংসা কৰিছিল ৷ ছবিখনত হকী খৈলুৱৈ সন্দীপ সিঙৰ সংঘৰ্ষক দেখুওৱা হৈছে ৷
ইফালে টলীউড অভিনেতা মহেশ বাবুৰো হায়দৰাবাদত ৱেক্স ষ্টেচ্যু উদঘাটন হয় ৷ ইয়াৰ পূৰ্বে বাহুবলীৰ অভানেতা প্ৰভাসৰ ষ্টেচ্যু নিৰ্মাণ কৰা হৈছিল ৷ গতিকে প্ৰভাসৰ পিছতে মহেশ বাবুৰ দ্বিতীয় বাৰৰ কাৰণে ৱেক্স ষ্টেচ্যু হায়দৰাবাদত উদঘাটন কৰা হৈছে ৷ মহেশ বাবুয়ে হায়দৰাবাদৰ এএমবি চিনেমা থিয়েটাৰত ইয়াৰ উদঘাটন কৰে ৷ এই অভিনেতা গৰাকীৰ সময়ত বহু অনুগামীৰ ভিৰ দেখিবলৈ পোৱা যায় হায়দৰাবাদত ৷ প্ৰথম বাৰৰ কাৰণে কোনো অভিনেতাৰ ৱেক্স ষ্টেচ্যু ভাৰতলৈ অনা হৈছে ৷
লগতে মহেশ বাবুয়ে অনুৰাগী,মেডাম তুসাডৰ সমূহ কৰ্ম কৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰে ৷ অন্যহাতে সংস্কৃতিৱান পৰিয়ালত জন্ম হোৱা মহেশ বাবুয়ে টলীউডত নিজৰ অভিনয়ৰ দক্ষতাৰ কাৰণে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় । সেয়েহে সম্প্ৰতি মহেশ বাবকু টলীউডৰ উপাৰ্জনৰ শীৰ্ষত আৰু বেছি পাৰিশ্ৰমিক লোৱা অভিনেতাসকলৰ শাৰীত পোৱা যায় ৷ মহেশ বাবুৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় অনুৰাগী,অভিনয় দক্ষতা,মহেশ বাবুৰ জনপ্ৰিয়তা এই সকলোবোৰৰ কাৰণে মেডাম তুসাড কৰ্তৃপক্ষই নিজৰ টীমক হায়দৰাবাডলৈ প্ৰেৰণ কৰে ৷
উল্লেখ্য যে মহেশ বাবুৰ মুক্তিৰ অপেক্ষাত থকা এখন ছবি হৈছে মহিৰ্ষী" ৷ অভিনেত্ৰী পুজা হেগৰেৰ লগত অভিনয় কৰিব অভিনেতা মহেশ বাবুয়ে ৷ অল্লাৰী নৰেশ নামৰ ছবিখনতো এক বিশেষ ভূমিকাত দেখা যাব মহেশ বাবুক ৷ মহিৰ্ষী ছবিখন মুক্তি পাব ৯ এপ্ৰিলত ৷
অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন