দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্বাচনী আয়োগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে

দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্বাচনী আয়োগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ  দিছে
Published on

বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্বাচনী আয়োগক নিৰ্বাচনৰ সময়ত দল সমূহে ব্যয়ৰ ক্ষেত্ৰত দিয়া নিৰ্দেশনা সমূহ প্ৰয়োগৰ সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাজেন্দ্ৰ মেন'ন আৰু ন্যায়াধীশ অনুপ জাইৰাম ভামভানিৰ খণ্ড বিচাৰপীঠে প্ৰকাশ কৰে যে যদি নিৰ্বাচনী পেনেলে উত্তৰ দিয়াত ব্যৰ্থ হয় , তেতিয়া কোৰ্টে বিষয়টোৰ সন্দৰ্ভত যোৱা ৫ বছৰৰ পৰা জমা হৈ গোচৰ সমুহৰ ১৬ জুলাইৰ শুনানিৰ পূৰ্বে দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

দিল্লী উচ্চ ন্যায়ালয়ে ফেব্ৰুৱাৰী মাহত নিৰ্বাচনী আয়োগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছিল , কিন্তু আজিলৈকে সেয়া হৈ উঠা নাই । নিৰ্বাচনী ব্যয় ক্ষেত্ৰত নিৰ্বাচনী পেনেলে অসহায় স্বীকাৰ উক্তি দিছিল ।

এচচিয়েছন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মচ( ADR) য়ে ৰাজনৈতিক দল সমূহে নিৰ্বাচনৰ সময়ত ব্যয়ৰ ওপৰত দৃষ্টি ৰাখিবলৈ এখন আবেদন দাখিল কৰিছিল । এই আবেদনৰে শুনানি গ্ৰহণ কৰি এই নিৰ্দেশনা দিয়ে দিল্লী উচ্চ ন্যায়ালয়ে ।

এডিআৰে দাখিল কৰা আবেদনত ব্যয়ৰ ক্ষেত্ৰত নীতি আয়োগে দিয়া নিৰ্দেশ সমুহ দল সমূহে মানি চলিছে নে নাই , সেই সন্দৰ্ভত উল্লেখ কৰা হৈছে আবেদন খনত ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com