Begin typing your search above and press return to search.

দিশপুৰে চাহজনজাতিসকলক প্ৰতাৰণা কৰিছেঃ ভাগীৰথ কৰণ

দিশপুৰে চাহজনজাতিসকলক প্ৰতাৰণা কৰিছেঃ ভাগীৰথ কৰণ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 March 2019 9:09 AM GMT

ভাৰতীয় জনতা পাৰ্টিয়ে চাহ জনজাতিসকলক জনজাতি কৰাৰ আশ্বাসক, বাস্তৱ পৰিণত কৰাত অসফল হৈছে ৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (APCC) ৷ দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত হোৱা এখন বৈঠকত সংবাদ মাধ্যমৰ সন্মুখত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ সভাপতি ভাগীৰথ কৰণে কয় যে চৰকাৰে চাহ জনজাতি সকলক ভূমি প্ৰদান কৰা আশ্বাসক বাস্তৱত পৰিণত কৰিব পৰা নাই। চৰকাৰে ৰাজ্যত ১০০ খন বিদ্যালয় স্থাপন কৰাৰ সন্দৰ্ভত দিয়া আশ্বাসৰ পিছতো দিশপুৰে কোনো চাহ বাগানত এখনো বিদ্যালয় স্থাপন কৰা নাই।

ইফালে সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰা সুৰা ট্ৰেজেডীৰ সন্দৰ্ভত ভাগীৰথ কৰণে কয় যে সুৰা ট্ৰেজেডীৰ পিছত অনাগত ১৫ দিনৰ ভিতৰত দিশপুৰে এই ঘটনাৰ লগত জৰিত লোকসকলক চিনাক্ত কৰি শাস্তি প্ৰদান কৰাৰ কথা কৈছিল ৷ কিন্তু সুৰা ট্ৰেজেডীয়ে সম্প্ৰতি এমাহ অতিক্ৰম কৰিলে যদিও এতিয়াও এই ঘটনাৰ সন্দৰ্ভত এজনো গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে ৷

বিভিন্ন প্ৰতিবাদৰ পিছতো চৰকাৰে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰীৰ ক্ষেত্ৰতো কোনো সিদ্ধান্ত ল’ব পৰা নাই। বিভিন্ন প্ৰসংগৰ লগতে নিযুক্তিৰ ক্ষেত্ৰত ভাগীৰথ কৰণে কয় যে,দিশপুৰে সম্প্ৰতি দুই লাখ নিবনুৱাক কৰ্মসংস্থাপন দিছে যদিও চাহ জনজাতিসকলৰ ০.৫ শতাংশও সংস্থাপন লাভ কৰা নাই। এয়া চৰকাৰৰ চাহ জনজাতিসকলক কৰা এক বৃহৎ প্ৰতাৰণা ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি