দীপক মিশ্ৰই কেন্দ্ৰলৈ তেওঁৰ উত্তৰসূৰী হিচাপে গগৈৰ নাম প্ৰস্তাৱ

দীপক মিশ্ৰই কেন্দ্ৰলৈ তেওঁৰ উত্তৰসূৰী হিচাপে গগৈৰ নাম প্ৰস্তাৱ
Published on

দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই মঙলবাৰে কেন্দ্ৰীয় চৰকাৰলৈ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈৰ নাম প্ৰস্তাৱ কৰিছে। ইয়াৰ লগে লগে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ অসম সন্তান ৰঞ্জন গগৈ হোৱাতো নিশ্চিত হৈ পৰিল। সৰুৰে পৰা অত্যন্ত মেধাৱী আৰু গম্ভীৰ চৰিত্ৰৰ ৰঞ্জন গগৈয়ে ডিব্ৰুগড়ৰ ডনবস্ক' বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলিছিল । প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈ আৰু শান্তি গগৈৰ পাঁচটি সন্তানৰ দ্বিতীয় সন্তান ৰঞ্জন গগৈ সৰুৰে পৰাই পঢ়াত অতি মেধাৱী আছিল । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ , পঞ্জাৱ আৰু হাৰিয়ানাৰ মুখ্য ন্যায়াধীশ ৰূপে কাৰ্যনিবাহ কৰা ৰঞ্জন গগৈয়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ হিচাপে ৩ অক্টোবৰত শপত গ্ৰহণ কৰিব ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com