Begin typing your search above and press return to search.

দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ অন্তত বগীবিল দলং এতিয়া বাস্তৱ হল

দীৰ্ঘদিনীয়া প্ৰতিক্ষাৰ অন্তত বগীবিল দলং এতিয়া বাস্তৱ হল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2018 10:30 AM GMT

এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল অসমবাসী ৷ দেশ বাসীৰ লগতে সমগ্ৰ অসমবাসীৰ ২১ বচৰীয়া অপেক্ষাৰ অন্ত পেলাই আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰঙা ফিটা কাটি মুকলি কৰিলে বগী বিল দলং ৷ বৰদিন তথা দেশৰ ৰাজনীতিৰ মহীৰুহ স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ জন্ম দিনৰ শুভক্ষণত উদ্বোধন কৰে বগীবিল দলং ৷ বগীবিল দলং অসমৰ ডিব্ৰুগড় জিলাৰ বগীবিল নামৰ ঠাইত নিৰ্মাণ কৰা ব্ৰহ্মপুত্ৰৰ ওপৰৰ চতুৰ্থখন দলং ৷ প্ৰধানমন্ত্ৰী মোডী বগীবিলত উপস্থিত হৈ উদ্বোধন কৰিলে বগীবিল দলং ৷ ৩ খন হেলীকপট্টাৰেৰে দক্ষিণ পাৰত প্ৰধান মন্ত্ৰী মোডী উপস্থিত হৈ মুকলি কৰিলে দেশ বাসীৰ আশাৰ সেতু বগীবিল দলং ৷ ইয়াৰ পিছতেই দলঙৰ ওপৰেৰে যাত্ৰা কৰি প্ৰধানমন্ত্ৰী মোডীয়ে হাত জোকাৰি অভিবাদন কৰিলে দেশ বাসীক ৷ ইফালে,প্ৰধানমন্ত্ৰী মোদী উপস্থিত হোৱাৰ পিছতেই উস্ম আদৰনি জনালে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ ইয়াৰ পিছতেই কাৰেং চাপৰিত জনতাক সম্বোধি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ।

এই অনুষ্ঠানত থাকিব ৰাজ্যপাল জগদীশ মুখী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডু আৰু ৰে’ল ৰাজ্য মন্ত্ৰী পিয়ুস গোৱেল৷ আনহাতে,দলঙৰ দুয়োপাৰে কটকটীয়া নিৰাপত্তাৰ লগতে বন্ধ কৰি দিয়া হৈছে বাহনৰ চলাচল। জল,স্থল আৰু আকাশ মাৰ্গেৰে নিৰীক্ষণ নিৰাপত্তাৰক্ষীৰ। উল্লেখ্য যে, বগীবিল দলঙত ৩৭৫ টা এল ই ডি লাইটৰ সংস্তাপন কৰা হৈছে। দলং খন নিৰ্মাণ কৰোঁতে ব্যয় হৈছে প্ৰায় ৫,৮০০ কোটি টকা। সম্পুৰ্ণ তীখাৰে নিৰ্মিত দলং খনত আছে দুখলপীয়া ৰে’লৱেৰ ট্ৰেক । এই ৰেল পথ হ’ব দেশৰ ভিতৰতে সৰ্বদীৰ্ঘ ৰেলপথ আৰু স্থলপথ সংযোগী ৰে’ল পথ ৷ লগতে দুই লেন যুক্ত পথে সংযোগ কৰিব উত্তৰ দক্ষিণ পাৰ। দলঙত থকা অংশত ব্ৰহ্মপুত্ৰৰ প্ৰস্থ ৭ কি.মি । উল্লেখ্য যে,বগীবিল দলঙখনৰ ১৯৯৭ চনৰ ২২ জানুৱাৰীত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ চিচিবৰ গাঁৱৰ কুলাজানত তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱেগৌড়াই আধাৰ শিলা স্থাপন কৰে ৷ইয়াৰ পিছতে ২০০২ চনত সেই সময়ৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে দলং নিৰ্মাণৰ শুভাৰম্ভ কৰে ৷

অন্যহাতে,ব্ৰহ্মপুত্ৰৰ ওপৰৰ এই চতুৰ্থখন দলঙে ৰে’ল আৰু পথ যোগাযোগ ব্যৱস্থা থকা ভাৰতৰ যিকোনো নদীৰ ওপৰত নিৰ্মিত দলঙৰ ভিতৰত আটাইতকৈ দীৰ্ঘতম দলং হ’ব। লগতে ২০০০ চনত মেছাৰ্ছ ৰে’ল ইণ্ডিয়া টেকনিকেল এণ্ড ইক’নমিক ছাৰ্ভিচেছে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি আনুমানিক প্ৰায় ১৭৬৭ কোটি টকাৰ বাজেটেৰে ইয়াৰ কাম কাজ আৰম্ভ কৰা হয়। ইফালে,যাতায়ত তথা যোগাযোগ ব্যৱস্থাৰ লগতে অৰ্থনৈতিক দিশত বগীবিল দলঙে এক নতুন যুগৰ সূচনা কৰে। আনহাতে ডিব্ৰুগড় আৰু ধেমাজিৰ দুয়োখন জিলাত এক সমন্বয় সাকোঁৰ বৈশিষ্ট্য বহন কৰিব বগীবিল দলঙে ৷

অধিক খবৰৰ বাবে পঢ়ক ব্ৰেকিং নিউজ

Next Story