দুজনকৈ এনডিএফবি কেডাৰক গ্ৰেপ্তাৰ

দুজনকৈ এনডিএফবি কেডাৰক গ্ৰেপ্তাৰ
Published on

যোৱা সোমবাৰে কামৰূপ জিলাৰঙিয়া আৰক্ষী থানাৰ অন্তৰ্গত হিৰাগাতাৰ সমীপত (ৰঞ্জন দৈমাৰী গোটৰ) দুজন কেডাৰক স্থানীয় লোকে আটক কৰে । কেডাৰ দুজনক চিনাক্ত কৰা অনুসৰি ক্ৰমে,শোণিতপুৰ জিলাৰ অন্তৰ্গত বাথৌপুৰীৰ গিৰিমচা বসুমতাৰী ওৰফে বি গুবুং(২৬) আৰু কোকৰাঝাৰ জিলাৰ গোসাঁই গাঁৱৰ অন্তৰ্গত ২নং শিঙিমাৰীৰ লনি ব্ৰহ্মা(২৩) । স্থানীয় লোকৰ পৰা জানিব পোৱা মতে,লোক দুজনে এএছ ০১ এআৰ ২৯৬৭ নম্বৰত পঞ্জীয়ন কৰা মটৰ চাইকেল এখনত আহি হিৰাগাতাৰ বাৰদলৰ অন্তৰ্গত পিএমজিএছছৱাই অধীনত ২.২কিল'মিটাৰ পথ নিৰ্মান কৰি থকা ঠিকাদাৰ এজনক দাবী ধমকি দি টকা দাবী কৰিছিল ।

যেতিয়া এনডিএফবি কেডাৰ দুজনে ঠিকাদাৰক ধমকি দি টকা খুজি থকা সময়তে স্থানীয় ৰাইজে উদালগুৰিৰ মনোনীত শিৱিৰৰ পৰা অহা কেডাৰ দুজনক হাতে-লুটে আটক কৰে ।ইয়াৰোপৰি স্থানীয় লোকে কেডাৰ দুজনৰ মটৰচাইকেল খন ধ্বংস কৰে ।ঘটনাটি সম্পৰ্কে স্থানীয় লোকে ৰঙিয়া আৰক্ষীক খবত দিয়ে ।তাৰ পিছতৰ ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় ।ঘটনাটি ৰঙিয়া আৰক্ষী থানাত পঞ্জীয়ন কৰা হয় । ৰঙিয়া আৰক্ষী থানাৰ অচি ৰতন দাসৰ পৰা জানিব পোৱা মতে ,কেডাৰ দুজন উদালগুৰি জিলাৰ মনোনীত শিৱিৰৰ পৰা অহা ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com