দুজন ভূটানীৰ আটকৰ সৈতে ৩৫কেজি গাঞ্জা জব্দ

দুজন ভূটানীৰ আটকৰ সৈতে ৩৫কেজি গাঞ্জা জব্দ
Published on

যোৱা শনিবাৰে গধূলি মঙলদৈৰ ৩৭সংখ্যক সশস্ত্ৰ সীমা বলে উদালগুৰি জিলাৰ ইন্দো-ভূটান সীমা এলেকাৰ পৰা দুজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে ৩৫কেজি ৰাগিয়াল দ্ৰব্য (গাঞ্জা) আৰু সমৰঙৰ আইবি বনাঞ্চলৰ ওচৰৰ পৰা ভূটান পঞ্জীয়ন বলেৰো পিকআপ ভেন এখনো উদ্ধাৰ কৰে।

চিনাক্ত কৰা সৰবৰাহাকাৰী দুয়োজন ভূটানৰ হয় সেইকেইজন ক্ৰমে,লেখজয় আৰু মেটো টছৰিং। ৰাগিয়াল দ্ৰব্য সমূহ তেওঁলোকে ভূটানৰ পৰা আনি উদালগুৰিলৈ প্ৰেৰন কৰে।

জব্দ কৰা সামগ্ৰীসমূহ পিছত উদালগুৰিৰ ডিমাকুছি আৰক্ষী হাতত অৰ্পন কৰে।ইতিমধ্যে জব্দ হোৱা সামগ্ৰী সমূহ ডিমাকুছি আৰক্ষীয়ে উচিত ব্যৱস্থা লবলৈ ভূটান আৰক্ষীৰ হাতত গতাই দিয়ে বুলি ডিমাকুছি আৰক্ষী মহেশ্বৰ শৰ্মাই জানিবলৈ দিয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com