Begin typing your search above and press return to search.

দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চৰ দ্বি-বার্ষিক সাধাৰণ সভা অনুষ্ঠিত

দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চৰ দ্বি-বার্ষিক সাধাৰণ সভা অনুষ্ঠিত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Oct 2018 1:30 PM GMT

দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চৰ দ্বি-বার্ষিক সাধাৰণ সভাখনি কালি অইল এণ্ড গেছ এমপ্লইজ ইউনিয়নৰ প্রেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। মঞ্চৰ সভাপতি প্রদীপ গগৈৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে সাংবাদিক প্রাঞ্জল শইকীয়াই। সভাত সম্মিলিত সাংবাদিক মঞ্চৰ উপদেষ্টা মৃত্যুঞ্জয় দাস, জ্যেষ্ঠ সাংবাদিক অমল কুমাৰ হ’ৰ, বুদ্ধেশ্বৰ গগৈ, ইদুল গগৈৰ লগতে অন্যান্যসকলে পৰৱৰ্তী সময়ত মঞ্চখন। আগুৱাই নিয়াৰ বাবে গঠনমূলক দিহা-পৰামৰ্শ আৰু বক্তব্য আগবঢ়ায়।

ইয়াৰ পাছতে মঞ্চৰ পুৰণি সমিতিখনে পদত্যাগ কৰাৰ পাছত পুনৰ প্রদীপ গগৈৰ সভাপতিত্বত বিষয় বাছনি সভা অনুষ্ঠিত হয়। উক্ত সভাতেই সর্বসন্মতি সিদ্ধান্ত মর্মে আগন্তুক কার্যকালৰ বাবে মৃত্যুঞ্জয় দাস, প্রদীপ গগৈ, ৰাজীৱ দেৱ চৌধুৰীক উপদেষ্টা, জ্যেষ্ঠ সাংবাদিক তথা উপন্যাসিক, গল্পকাৰ অমল কুমাৰ হ’ৰক সভাপতি, জয়ন্ত ভূঞাক কার্যকৰী সভাপতি, বুদ্ধেশ্বৰ গগৈক উপ-সভাপতি, প্রাঞ্জল শইকীয়াক সাধাৰণ সম্পাদক, অজয় সিঙক সহকাৰী সম্পাদক, দিননাথ শ্বাহক কোষাধ্যক্ষ, ইদুল গগৈক সাংগঠনিক সম্পাদক, সুৰজিৎ গগৈ, কৃষ্ণা গগৈ, মাধুর্য শইকীয়া, সমীৰ শৰ্মা, ৰফিকউদ্দিন আহমেদ, পঙ্কজ বৰুৱা আৰু বিজয় আলেক কার্যনির্বাহক সদস্য, ধীৰুমণি গগৈ, জিতুল দত্ত, যদুমণি শইকীয়া, ৰাজীৱ গগৈ, কল্যাণ গগৈ, অমৃত সেনক পদেন সদস্য হিচাপে লৈ ২৩ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়। উক্ত সভাতেই নতুন সমিতিখনে কেইবাটাও গুৰুত্বপূর্ণ প্রস্তাৱ গ্ৰহণ কৰে।

Next Story
চাকৰি