Begin typing your search above and press return to search.

দুলীয়াজানত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

দুলীয়াজানত কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Oct 2018 7:21 AM GMT

আজি পুৱা ৯ বজাৰ পৰা টেঙাখাট ব্লক কংগ্ৰেছৰ উদ্যোগত আৰু দুলীয়াজান যুৱ কংগ্ৰেছৰ সহযোগত দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ জৰাজীৰ্ণ পথসমূহ মেৰামতি আৰু পুনৰ নিৰ্মানৰ দাবীত ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট ও অভিনৱ প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ন কৰে।

পথ মেৰামতি আৰু পুনৰ নিৰ্মাণৰ দাবীত খোল তাল লৈ ৰাজপথত বহিল এআইচিচিৰ সদস্য ধ্ৰুৱ জ্যোতি গগৈ । দুলীয়াজানৰ পিপলতল তিনিআলিত পুৱা ৯ বজাৰ পৰা দুলীয়াজান আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ বাট পথ মেৰামতি আৰু পুনৰ নিৰ্মান কৰাৰ দাবীত টেঙাখাত ব্লক কংগ্ৰেছ আৰু দুলীয়াজান যুৱ কংগ্ৰেছে ২ ঘন্টিয়া অভিনৱ অৱস্থান ধৰ্মঘট পালন কৰে ।

এআইচিচিৰ সদস্য ধ্ৰুৱ জ্যোতি গগৈয়ে ডিব্ৰুগড়ৰ সাংসাদ ৰামেশ্বৰ তেলী আৰু দুলীয়াজানৰ বিধায়ক টেৰছ প্ৰসাদ গোৱালাক তীব্র ভাষাৰে সমালোচনা কৰি বাট পথ মেৰামতিৰ উপৰত গুৰুত্ত প্ৰদান কৰিবলৈ দাবী জনায় ।

Next Story
চাকৰি