দুলীয়াজানত পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড

দুলীয়াজানত পুৱতি নিশা এক ভয়ংকৰ অগ্নিকাণ্ড
Published on

আজি পুৱতি নিশা দুলীয়াজানত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ।এই অগ্নিকাণ্ডটোৰ ফলত ৫ টাকৈ বাসগৃহ ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে ।

দুলীয়াজানৰ কমলাবাৰী পথৰ থকা পুৰনি বড়া হোণ্ডাৰ ভাড়া ঘৰত এই ভয়ংকৰ অগ্নিকাণ্ডটো সংঘটিত হয় । জানিব পৰা অনুসৰি পুৱতি নিশা প্ৰায় ৩-৩০ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডটেৰ ফলত প্ৰায় কেইবা লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে ।

চৰ্ট চাৰ্কিতৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে । ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ অগ্নিকাণ্ডটো নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com