Begin typing your search above and press return to search.

দুলীয়াজানত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উদ্যোগত মে ডাম মে ফী উদযাপন

দুলীয়াজানত পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ উদ্যোগত মে ডাম মে ফী উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Jan 2019 11:11 AM GMT

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰে তৈল নগৰী দুলীয়াজানৰ চলাকটকীত থকা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ত অতি উলহ মালহেৰে দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে মে ডাম- মে- ফী। প্ৰতি বছৰে টাই আহোম জনগোষ্ঠীৰ পূৰ্বপুৰুষ সকলৰ স্মৃতিত ৩১জানুৱাৰী দিনটোত অনুষ্ঠিত কৰা হয় মে-ডাম-মে-ফী ৷মে ডাম মে ফী উপলক্ষে লোকে লোকাৰণ্য হৈ পৰা টাই সাহিত্য সভাৰ স্থায়ী কাৰ্যালয়ত পুৱা ৯বজাত টাই সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সভাপতি চাওঁ হীৰা গগৈয়ে।

মৈদামত তৰ্পণ কৰে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সম্পাদক প্রদীপ কুমাৰ গগৈয়ে।ইয়াৰ পাছতে স্থানীয় মহিলা সকলে এটি সমবেত সংগীত পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । ইফালে,দিনৰ ১১বজাৰ পৰা মূল পূজা আৰম্ভ হৈ দিনৰ ১২ বজাত সামৰণি পৰে মে ডাম মে ফীৰ কাৰ্যসূচী ৷অন্যহাতে বিয়লি দুই বজাত খাদ্য গ্ৰহণৰ পাছতে মুখ্য অতিথি নুমল চন্দ্ৰ গগৈ, ধীৰেণ বৰুৱাৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি