দুলীয়াজানৰ অসম গেছ কোম্পানীৰ মুখ্য কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

দুলীয়াজানস্থিত অসম গেছ কোম্পানী মুখ্য প্ৰশাসনিক কাৰ্য্যালয় উদ্যোগ প্ৰতিষ্ঠানটোৰ শ্ৰমিকে ন্যায্য প্ৰাপ্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষুব্ধ শ্ৰমিকে অসম গেছ কোম্পানীৰ পৰিচালন সঞ্চালক আদিত্য কুমাৰ শৰ্মাক কায্যালয়ৰ কোঠাৰ ভিতৰতে আৱদ্ধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা উদ্যোগ প্ৰতিষ্ঠানটোৰ শ্ৰমিকসকলে ন্যায্য প্ৰাপ্তিৰ দাবীত বাৰম্বাৰ আবেদন-নিবেদন জনাই অহাৰ লগতে কেইবাবাৰো আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । এইক্ষেত্ৰত অসম গেছ কোম্পানী কৰ্তৃপক্ষই আজিকোপতি কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত অসম গেছ কোম্পানীৰ শ্ৰমিকসকলে কৰ্মবিৰতি ঘোষণা কৰি এইদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে । শেহতীয়াকৈ প্ৰতিবাদস্থলীত আৰক্ষী মোতায়ন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। অন্যহাতে প্ৰতিবাদকাৰীৰ সৈতে অসম গেছ কোম্পানী কৰ্তৃপক্ষই এক আলোচনাই মিলিত হৈছে যদিও একাংশই প্ৰতিবাদ অব্যাহত ৰাখিছে ।