দুলীয়াজান পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সাধাৰণ সভা অনুস্থিত

দুলীয়াজান পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সাধাৰণ সভা অনুস্থিত
Published on

দুলীয়াজানৰ চলাকটকীস্থিত প্ৰেক্ষাগৃহত দুলীয়াজান পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ এখন সাধাৰণ সভা অনুস্থিত হয় । ডাঃ অপূৰ্ব গগৈৰ সভাপতিত্বত অনুস্থিত হোৱা সভাখনত এখন ২৫ জনীয়া সমিতি গঠন কৰা হয় ।

সভাপতি ৰূপে হীৰা গগৈ, কাৰ্যকৰী সভাপতি জিতু গগৈ, কোষাধ্যক্ষ অনুজ প্ৰতিম গগৈ, সাংগঠনিক সম্পাদক ৰূপে ৰূপম গগৈ, দেবজিত গগৈ আৰু হেমন্ত গগৈক নিৰ্বাচিত কৰা হয় ।

একেৰাহে ৩০ বছৰ সভাপতি পদত থকা ডাঃ অপূৰ্ব গগৈলৈ মূখ্য উপদেষ্টা পদ আগবঢ়োৱা হয় । সভাত সাংগঠনিক দিশৰ লগতে অনাগত দিনত সভাই লব লগা কাৰ্যপন্থা সন্দৰ্ভত বিশদ আলোচনা কৰা হয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com