গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বহুচৰ্চিত নামঘৰৰ গৃহ নিৰ্মানৰ সময়ত হোৱা দুৰ্নীতি বাবে চিআইডিৰ এটা দলে নামঘৰত অভিযান চলাই।প্ৰায় ২ কোটি টকাৰ গৃহ নিৰ্মানৰ বাবে অনিয়ম হোৱাৰ গোচৰৰ অনুসন্ধানৰ বাবে পৰিদৰ্শক শুভৰাম মৰান নেতৃত্বত উপ-পৰিদৰ্শক ভোলাৰাম টেৰনৰে গঠিত তিনিজনীয়া দলে গৃহ নিৰ্মানৰ নথি-পত্ৰ পৰীক্ষা কৰে।অনুসন্ধান শাখাৰ পৰিদৰ্শক শুভাৰাম মৰানে কয় যে গৃহ নিৰ্মানৰ নথি-পত্ৰ পৰিক্ষাৰ বাবে গড়কাপ্তানী বিভাগক জমা দিয়া হব।নথি-পত্ৰত ২ কোটিতকৈ বেছি টকা গৃহ নিৰ্মানত খৰচ কৰা দেখুওৱা হৈছে।
Begin typing your search above and press return to search.