
যোৰহাট ৰাজাবাৰীৰ এলআইচি কাৰ্য্যলয়ৰ সমীপত এক দূৰ্ঘটনাত চাৰিজনকৈ লোক আহত হয়।জানিব পৰা মতে,এএছ ০৩ এম-০৭১৭ নম্বৰৰ পঞ্জীয়ন কৰা ফায়েট লিনিয়া গাড়ী এখনে মৰিয়নিৰ ব্যস্ত পথ গড়আলিৰ পৰা একে দিশত আহি থকা অৱস্থাত স্কুটী এখনৰ সৈতে সংঘৰ্ষ হয়।ফলত স্কুটী খনত থকা যাত্ৰী দুজন গুৰুতৰ ভাৱে আহত হয়।প্ৰথমে মাৰুতি গাড়ী খনে স্কুটী খনক খুন্দিয়াই তাৰ পিছত দুচকীয়া বাহনৰ ডিলাৰৰ কৰ্মচাৰীক খুন্দিয়াই।আহত ব্যক্তি কেইগৰাকীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰে আৰু বৰ্তমান তেওঁলোক সংকটৰ পৰা বাহিৰত আৰু আৰক্ষীয়ে ইতিমধ্যে গাড়ী খন জব্দ কৰিবলৈ সক্ষম হৈছে।