দূৰ্নীতি প্ৰতি শূন্য সহনশীলতা আৰু বিজেপি দলৰ চৰকাৰী মাটি দখল

দূৰ্নীতি প্ৰতি শূন্য সহনশীলতা আৰু বিজেপি দলৰ চৰকাৰী মাটি দখল
Published on

"দূৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা এতিয়া আৰু ধোৱাচাঙত, কিয়নো জাতীয় নায়কৰ দলৰ কৰ্মকৰ্তাই দলে বলে চৰকাৰী মাটিয়েই দখল কৰিলে" বুলি অভিযোগ উত্থাপন কৰে অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।শনিবাৰে অসম সংগ্ৰামী মঞ্চৰ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত বিজেপি দলৰ কৰ্মকৰ্তাই ডিচেম্বৰ মাহৰ প্ৰথম ভাগতেই গুৱাহাটীৰ বশিষ্ঠ বৰসজাইস্থিত জলসম্পদৰ ভূমি দখল কৰাৰ অভিযোগ আনে।এনেধৰনৰ ঘটনাৰ দ্বাৰা বিজেপি দলৰ নীতি আদৰ্শ বা আইনৰ প্ৰতি কোনো শ্ৰদ্ধা নাই বুলিও সদৰি কৰে সাধাৰণ সম্পাদক বেজবৰুৱাই।লগতে বেজবৰুৱাই উল্লেখ কৰে যে চৰকাৰৰ দলটোৱেই যদি এনে ধৰণৰ মাটি দখলৰ কাম কৰিব পাৰে তেন্ত আমচাঙৰে হ‌ওক বা খিলঞ্জীয়া লোক সকলে এটুকুৰা মাটিৰ বাবে অসমত কিয় আন্দোলন কৰিব লগীয়া হৈছে।

দল যিয়ে নহ‌ওক কিয় সাধাৰণ জনসাধাৰণৰ কাষত চৰকাৰৰ নীতি একেই, নতুন ভূমি আইন এখন প্ৰস্তুত কৰাত বিলম্ব কিয়?

সঘনাই খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষা কথা কোৱা সৰ্বানন্দ সোণোৱাল চৰকাৰে হৰিশংকৰ ব্ৰহ্ম সমিতিৰ ভূমি নীতি সন্দৰ্ভত পৰামৰ্শ লাভ কৰাৰ পিছতো খিলঞ্জীয়া মানুহৰ ভূমি স্বত্ব অধিকাৰ প্ৰদানৰ বাবে নতুন ভূমি আইন প্ৰস্তুতিৰ কাম কিয় এতিয়াও হৈ অহা নাই বুলি প্ৰশ্ন কৰে অসম সংগ্ৰামী মঞ্চৰ সাধাৰণ সম্পাদক সমৰজ্যোতি বেজবৰুৱাই।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com