Begin typing your search above and press return to search.

দেওবাৰে প্ৰকাশিত এগজিট প'লৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

দেওবাৰে প্ৰকাশিত এগজিট পলৰ সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 May 2019 10:33 AM GMT

আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সংবাদমেল সম্বোধন কৰে । দেওবাৰে সংবাদ মাধ্যমৰ লগতে আন সংস্থা সমূহে এগজিট প'ল প্ৰকাশ কৰে। এই এগজিট প'ল ভূৱা তথ্যত আধাৰিত বুলি কংগ্ৰেছে প্ৰকাশ কৰে।

সংবাদমেলত কংগ্ৰেছৰ হৈ দুৰ্গা দাস বড়োয়ে কয় যে ২৩ মেত হে লোকসভা নিৰ্বাচনৰ ফলাফল গম পোৱা যাব । এগজিট প' লত প্ৰকাশিত তথ্য কাল্পনিক বুলি প্ৰকাশ কৰে । লগতে এগজিট প'লে তিনিটা দিনৰ বাবে মনোৰঞ্জন খোৰাক যোগাইছে বুলি প্ৰকাশ কৰে।

আজিলৈকে এগজিট প'লৰ ৮০ শতাংশয়ে মিছা প্ৰমানিত হৈছে । এগজিট প'ল সম্পূৰ্ণ কাল্পনিক আৰু ভূৱা তথ্যৰ ভিত্তিত আধাৰিত বুলি প্ৰকাশ কৰে।

এগজিট প'ল কাল্পনিক বুলি প্ৰকাশ কৰাৰ লগতে বিজেপিকো সমালোচনা কৰে। নৰেন্দ্ৰ মোদীয়ে বন্দে মা টৰম, ছাৰ্জিকেল ষ্ট্ৰাইক, পুলোৱামাক লৈ নিৰ্বাচন খেলিলে কিন্তু উন্নয়নৰ নামত একো নকৰিলে। কৃষক, শ্ৰমিক , যুৱক, উদ্যোগ,ক্ষুদ্ৰ ব্যৱসায়ী আদিৰ উন্নয়নৰ কথা নিৰ্বাচনত নকলে বুলি প্ৰকাশ কৰে। কিন্তু কংগ্ৰেছে নিবনুৱা সমস্যাৰ কথা প্ৰকাশ কৰিছিল বুলি কয়। কংগ্ৰেছ অধক্ষ্য ৰাহুল গান্ধীয়ে ৫ বছৰত ৪৫ খনতকৈও অধিক সংবাদমেল সম্বোধন কৰি জনসাধাৰণক প্ৰত্যক্ষটো উত্তৰ দিছিল বুলি কয়। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ বছৰত মাত্ৰ এখন সংবাদমেল সম্বোধন কৰে । কিন্তু এই সংবাদমেল খনতো কোনো উত্তৰ দিয়া পৰিলক্ষিত নহল বুলি প্ৰকাশ কৰে।

চলিত বৰ্ষৰ লোকসভা নিৰ্বাচনৰ স্বচ্ছতাৰে অনুষ্ঠিত হোৱা নাই বুলি প্ৰকাশ কৰে । জনসাধাৰণে বিজেপি বিৰোধী এখন চৰকাৰ বিচাৰিছে , সেয়েহে কংগ্ৰেছ নিশ্চিত ভাৱে সংখ্যা গৰিষ্ঠতা লাভ কৰিব বুলি প্ৰকাশ কৰে ।

এগজিট প'লত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো বিজেপিয়ে সৰ্বাধিক আসন লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।এন ডি টি ভিয়ে ৰাজ্যত বিজেপিয়ে ৯ খন আসন লাভ কৰাৰ লগতে কংগ্ৰেছে ৪ খন আৰু অন্যান্যয়ে ১ খন আসন লাভ কৰিব বুলি সমীক্ষাত প্ৰকাশ কৰিছে ।

টুদে চানক্যয়ে প্ৰকাশ কৰা সমীক্ষাত বিজেপিয়ে ১০ খন , কংগ্ৰেছে ৩ খন আৰু অন্যান্যয়ে ১ খন লাভ কৰিব । ৰিপ্লাবিক চি ভোটাৰে প্ৰকাশ কৰা সমীক্ষাত বিজেপিয়ে ৮ খন , কংগ্ৰেছে ৫ খন আৰু অন্যান্যয়ে ১ খন লাভ কৰিব বুলি প্ৰকাশ কৰিছে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি