ভাৰত-ভূটান সীমান্তত অসামাজিক কাৰ্যকলাপ ৰোধৰ বাবে চলি থকা ক্ৰমাগত অভিযানৰ অংশস্বৰূপে বুধবাৰে দিপাবস্তি পহৰা চকীৰ সসস্ত্ৰ সীমা বাহিনীৰ ৩৭ নং বেটেলিয়ানে লক্ষ্মী নদীৰ সমীপৰ পৰা অভিযান চলাই দেশত নিৰ্মান কৰা ছটা বন্দুক জব্দ কৰে। বন্দুক কেইটাৰ সৈতে এজন যুবককো বেটেলিয়ানৰ দলটোৱে আটক কৰে। আটক কৰা যুবকজন ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী চকীৰ অন্তৰ্গত নীচ লাইন গাঁওৰ যোগেশ্বৰ ঘাটোৱাৰৰ পুত্ৰ চিমচন ঘটোৱাৰ (২৫)বুলি চিনাক্ত কৰা হৈছে। জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ খিনি আৰু আটক কৰা যুবকজনক পিছত হৰিশিঙা আৰক্ষীৰ হাতত গটাই দিয়া হয়। আটকাধীন যুবক জনৰ বিৰুদ্ধে ২৫(১-বি) অস্ত্ৰ আইনৰ অধীনত ৫০/১৮ নম্বৰত এটা গোচৰ তৰা হয়।
Begin typing your search above and press return to search.