দেশৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাধিকাৰ বলীউডৰ ছুপাৰষ্টাৰসকলৰ

দেশৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাধিকাৰ বলীউডৰ ছুপাৰষ্টাৰসকলৰ
Published on

বলীউডৰ ছুপাৰষ্টাৰসকলে আজি চতুৰ্থ পৰ্যায়ত হোৱা ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ বলীউডৰ ছুপাৰষ্টাৰ সকলৰ ভিতৰত ছলমান খান,কৰীনা কাপুৰ খান,প্ৰিয়াংকা চোপ্ৰা,বৰুন ধাৱান,টাইগাৰ শ্ৰফ,আমিৰ খানৰ লগতে আন বহু ষ্টাৰসকলে নিজৰ বহু মুলীয়া ভোটেৰে ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷

https://www.instagram.com/p/Bw1SwTMFWgN/

https://www.instagram.com/p/Bw03V1MHYWZ/

https://www.instagram.com/p/Bw1Tto0FMzz/

https://www.instagram.com/p/Bw1AcgLBV36/

https://www.instagram.com/p/Bw0sSFDnbKF/

ইফালে বলীউডৰ ষ্টাৰসকলে ছ’চিয়েল মেডিয়াত বিভিন্ন কেপশ্যনেৰে নিজৰ নিজৰ ফ’টো অনুৰাগীলৈ আগবঢ়াইছে। নিজৰ দেশত সকলো ক্ষেত্ৰতে পৰিৱৰ্তন কৰিবলৈ ভোটাধিকাৰ সাব্যস্ত কৰিছে বি টাউনৰ ষ্টাৰ সকলে । বলীউডৰ অভিনেতা ছলমান খান ভোটাধিকাৰ সাব্যস্ত কৰি অনুৰাগীৰ আগবঢ়ালে ফ’টো ৷

ছলমান খান (salman khan) আৰু কেটৰীনা কাইফৰ বহু চৰ্চিত ভাৰত ছবিখন এই বছৰৰ বহু অপেক্ষাৰত ছবি ৷ দৰ্শকসকলক ছবিখনৰ টিজাৰ আৰু বিভিন্ন প’ষ্টাৰে আকৰ্ষিত কৰাৰ পিছত আজি মুক্তি পাইছে ছবিখন মোশ্যন প’ষ্টাৰ।

ইফালে ছলমান খানে এই সন্দৰ্ভত টুইটাৰ যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ টুইটাৰত ছলমান খান লিখিছে যে এই ঈদত ভাৰত যাত্ৰা চাঁওক ৷ প’ষ্টাৰ সমূহত ছলমান খানক বিভিন্ন অৱতাৰত দেখিবলৈ পোৱা গৈছে ৷ আলি আব্বাচ জাফাৰৰ ভাৰত ছবিখনত কেটৰীনা কাইফৰ উপৰিও দিশা পাটানী,জেকী শ্ৰফ,টাবু,সুনিল গ্ৰ’ভাৰৰ লগতে অন্যান্য অভিনেতাসকলে অভিনয় কৰিছে ৷

কেটেৰীণা কাইফ সম্প্ৰতি চলমান খানৰ লগত ভাৰত ছবিখনৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে ৷ তেনে সময়তে অভিনেত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে যে কেটেৰীণা কাইফ কৰীনা কাপুৰৰ ভীষণ অনুৰাগী ৷ লগতে অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰে যে কৰীণাই নিজৰ মেটাব’লিজ’ম পৰিৱৰ্তন কৰিব বিচাৰে,যাতে অভিনেত্ৰী গৰাকীয়ে জিম পৰিহাৰ কৰিব পাৰে ৷ইয়াৰ পিছত কেটেৰীণাই কৰীনাৰ দৰে চকুৰ ৰং পৰিৱৰ্তন কৰি নীলা অথবা সেউজীয়া কৰি ল’ব ৷

ইফালে কেটৰীণা ভাল পোৱা ডান্সৰ ষ্টেপৰ বিষয়ে অভিনেত্ৰী গৰাকীয়ে কয় যে যেতিয়া কেটৰীনা উদাস হয় ,তেতিয়া ৯০ দশকৰ প্ৰসিদ্ধ ছবি প্যাৰ কিয়া তো ডৰনা কিয়া ছবিৰ “অ’ অ’ জানে জানা’ গীতটিত নৃত্য কৰে ৷ উল্লেখ্য যে কেটৰীনা আৰু ৰনবীৰে এটা সময়ত ইজনে সিজনৰ লগত প্ৰায় ৬ বছৰৰ ৰিয়েলেশ্যনত থকাৰ পিছতো দুয়োজন বিচ্চিন্ন হয় ৷ সকলোৰে বিশ্বাস আছিল যে,কেটৰীণা আৰু ৰণবীৰে দুয়োজনৰ প্ৰেমৰ সম্পৰ্কক দ্বিতীয় স্তৰলৈ নিব ৷

কিন্তু ৰনবীৰ আৰু কেটৰীনাৰ ব্ৰেকআপৰ পিছত কেটৰীনা আজিও চিংগল হৈ আছে ৷অৱশ্যে ৰনবীৰে আলিয়াৰ লগত প্ৰেমৰ সম্পৰ্কক আগবঢ়াই নিছে ৷ ইফালে এক সাক্ষাৎকাৰত কেটৰীনা প্ৰেমৰ সম্পৰ্কৰ সম্পৰ্কত প্ৰশ্ন কৰোঁতে কয় যে,কেটৰীনাই প্ৰকৃততে এই সম্পৰ্কে একো নাজানে ৷ কেটৰীনা সম্প্ৰতি চিংগল৷ ভাৰত ছবি খনত চলমান খান আৰু কেটৰীণা কাইফৰ উপৰিও অভিনয় কৰিছে দিশা পাটানী,সুনীল গ্ৰ’ভাৰ,টাবু আৰু জেকী শ্ৰফে ৷ অন্যহাতে, ভাৰত ছবিখনৰ গীতসমূহৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব প্ৰদান কৰিছে নিৰ্মাতাসকলে ৷ইতিমধ্যে ছলমান খান আৰু কেটৰীণা কাইফে এটা বিয়াৰ এটি গান দৃশ্যগ্ৰহণ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com