Begin typing your search above and press return to search.

‘দেশৰ পৰা বৰ্জন কৰা হ’ব ৰহিংগীয়াক’; ৰাজনাথ সিঙ

‘দেশৰ পৰা বৰ্জন কৰা হ’ব ৰহিংগীয়াক’; ৰাজনাথ সিঙ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2018 11:16 AM GMT

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে লোকসভাৰ মজিয়াত মঙলবাৰে জানিবলৈ দিয়ে যে ভাৰতবৰ্ষত বসবাস কৰি থকা ৰহিংগীয়া সকলক অতি শীঘ্ৰে দেশৰ পৰা বৰ্জন কৰি ম্যানমাৰলৈ প্ৰেৰণ কৰা হ’ব । আৰু লগতে গৃহ মন্ত্ৰী গৰাকীয়ে মত প্ৰকাশ কৰা অনুসৰি নৰেন্দ্ৰ মোদী নেতৃত্বধীন কেন্দ্ৰীয় চৰকাৰে অতি সোনকালে ৰহিংগা সম্পৰ্কত ম্যানমাৰৰ চৰকাৰৰ সৈতে আলোচনা বহিব,ইতিমধ্যে ৰহিংগা সকলক দেশৰ পৰা পঠিয়াবৰ বাবে বিশেষ কমিটী গঠন কৰা হৈছে আৰু সকলো ধৰনৰ সা-সুবিধাৰ পৰা ৰহিংগা সকলক বঞ্চিত কৰা হ'ব।ইয়াৰ উপৰিও তেওঁ কয় যে কোনো ধৰনৰ অবৈধ প্ৰৱজনকাৰীক কেন্দ্ৰীয় চৰকাৰে সা-সুবিধা প্ৰদান নকৰে। ৰাজ্য সমূহৰ চৰকাৰক অবৈধ প্ৰৱজনকাৰীৰ বিৰুদ্ধে চোকা নজৰ ৰাখিবলৈ আহ্বান জনাই কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।

Next Story
চাকৰি