Top
Begin typing your search above and press return to search.

দেশৰ সীমান্তৱৰ্তী জিলাৰ ক্ষেত্ৰত কেন্দ্ৰৰ এক বিশেষ সিদ্ধান্ত

দেশৰ সীমান্তৱৰ্তী জিলাৰ ক্ষেত্ৰত কেন্দ্ৰৰ এক বিশেষ সিদ্ধান্ত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 March 2019 7:07 AM GMT

কেন্দ্ৰৰ এক বিশেষ সিদ্ধান্ত ৷কেন্দ্ৰই দেশৰ সকলো সীমান্তৱৰ্তী জিলাত থকা ভাৰতীয় নাগৰিকৰ পৰিচয় পত্ৰ দিবলৈ মঞ্জুৰী দিয়ে ৷ ২০২০ চনৰ মাৰ্চৰ ভিতৰত নতুন দিল্লীয়ে বৰ্ডাৰ এৰিয়া ডেভেলপমেন্ট প্ৰ’গ্ৰেমৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ বাবে অনুমোদন দিছে ৷গৃহ মন্ত্ৰ্যালয়ৰ এক উচ্চ বিষয়াই মন্তব্য অনুসৰি দেশৰ সকলো সীমান্তৱৰ্তী জিলাত থকা ভাৰতীয় নাগৰিক সকলৰ পৰিচয় পত্ৰ প্ৰদানৰ কাৰণে অনুমোদন দিয়ে ৷আৰু ভাৰতীয় ৰেজিষ্টাৰ অৱ জেনেৰেলক এই সম্বন্ধে এক বিস্তৃত আঁচনি তৈয়াৰ কৰিবৰ কাৰণে দায়িত্ব প্ৰদান কৰে ৷ সম্প্ৰতি কেন্দ্ৰৰ দ্বাৰা লোৱা এই পদক্ষেপ উল্লেখযোগ্য বুলি বিবেচিত হৈছে ৷

পৰিচয় পত্ৰসমূহে সীমান্তৱৰ্তী জিলাত থকা লোকসকল তথা অবৈধ আৰু দেশে বিৰোধ কৰা বিভিন্ন পদক্ষেপ লোৱা সকলৰ চিনাক্ত তথা সেই কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব ৷ ইফালে ইয়াৰ মাজত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেশত প্ৰচলিত জাল মুদ্ৰা সৰবৰাহকাৰী সকলৰ ওপৰত বিশেষ দৃষ্টি ৰাখিব ৷লগতে আইনে, সকলো সমাজ বিৰোধী কৰ্মৰ ওপৰত তদন্ত কৰিব ৷ এই সন্দৰ্ভত এগৰাকী বিষয়াই কৰে এক বিশেষ সূত্ৰৰ মতে এতিয়াও কিছুমান বিশেষ লোকে সীমা অতিক্ৰম কৰি জাল মুদ্ৰা প্ৰচলন কৰিবৰ কাৰণে চেষ্টা কৰি আছে ৷

অৱশ্যে,কেন্দ্ৰই দেশত জাল নোটৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ বিশেষ পদক্ষেপ ল’ব৷ উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় সীমাত বিভিন্ন প্ৰযুক্তি বিদ্যা প্ৰযোগ কৰি নিৰাপত্তা শক্তিশালী কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story