Begin typing your search above and press return to search.

দেশ সুৰক্ষিত হাতত আছে,দেশবাসীক নিৰাশা হ’বলৈ নিদিওঁঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দেশ সুৰক্ষিত হাতত আছে,দেশবাসীক নিৰাশা হ’বলৈ নিদিওঁঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Feb 2019 5:52 AM GMT

সম্প্ৰতি দেশ খন সুৰক্ষিত হাতত আছে আৰু দেশখনক কেতিয়াওঁ নিৰাশা হ’বলৈ নিদিওঁ৷এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ (Narendra Modi) ৷ভাৰতীয় বায়ু সেনাই পাকিস্তানত জেইছ ই মহম্মদৰ প্ৰশিক্ষণ শিবিৰত মংগলবাৰে পুৱতি নিশা আক্ৰমণ কৰাৰ পিছত প্ৰথম বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোডীয়ে এক বিশাল ৰেলীত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে ৷

২০১৪ চনত বিজয় শংখ য়ুৱা সংগমত অংশ গ্ৰহণ কৰি প্ৰধান মন্ত্ৰী মোডীয়ে আবৃত্তি কৰা এটি কবিতা, সভা খনত স্মৰণ কৰি কয় যে আজিৰ দিনটোত এটা ঐতিহাসিক দিন ৷ এই দেশক মই থমকি ৰব’লৈ নিদিওঁ ৷ এটি কবিতা আবৃত্তি কৰি প্ৰধান মন্ত্ৰী মোডীয়ে কয় যে "সুগন্ধ মুঝে হ্যে মিট্টী কী,ম্যে দেশ নেহী মিটনে দুংগা,ম্যে দেশ নেহী ঝুকনে দুংগা,সুগন্ধ মুঝে হ্যে মিট্টী কী,ম্যে দেশ নেহী মিটনে দুংগা,মেৰা ৱচন হ্যে ভাৰত মা কো,তেৰা সিৰ ঝুকনে নেহী ডুংগা,জাগ ৰহা হ্যে দেশ মেৰা,হৰ ভাৰতৱাচী জিতেগা,সুগন্ধ মুঝে ইছ মিট্টী কী,ম্যে দেশ নেহী মিটনে দুংগা৷

এনে ধৰণেই এটি কবিতা আবৃত্তি কৰি দেশ বাসীক দেশ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিলে প্ৰধানমন্ত্ৰী মোডীয়ে ৷ ইফালে মোডীৰ এই ভাষণৰ লগে লগে সভাখনৰ সকলোৱে প্ৰধানমন্ত্ৰী মোডীক উদ্দেশ্য কৰি শ্ল’গান দিয়ে৷আৰু "ভাৰত মাতা কী জয়" ধ্বনিৰে মুখৰিত হয় সভাৰ প্ৰেক্ষাগৃহ ৷

অন্যহাতে, ১৪ ফেব্ৰুৱাৰীত পুলোৱামাত কাণ্ডৰ ১২ দিনৰ পাছতে ভাৰতৰ এয়াৰ ষ্ট্ৰাইক পাক সন্ত্ৰাসবাদী সংগঠনৰ ঘাটিত । পাক অধিকৃত কাশ্মীৰৰ বালাকোটত বৃহৎ বিস্ফোৰণ| মুঠ ১০০০ কিঃগ্ৰাঃ ওজনৰ বোমা নিক্ষেপ বায়ুসেনাৰ। পুৱতি নিশা চাৰে ৩.৩০ বজাৰ পৰা ১২ খন মিৰাজ 2000 যুদ্ধ বিমানৰ দ্বাৰা আক্ৰমণ। ভাৰতীয় বায়ু সেনাই গোৱালিয় বিমান কোঠৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ।প্ৰায় ২০০ৰ পৰা ৩০০ সন্ত্ৰাসবাদী নিহত। পাক অধিকৃত কাশ্মীৰত জইছ ঈ মহম্মদৰ ঘাটিত আক্ৰমণ। বায়ুসেনাৰ কেইবাখনো যুদ্ধ বিমানৰ LoC অতিক্ৰম। জইছ ঈ মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ ‘আলফা-৩’ আৰু লাঞ্চ পেড ধ্বংস এই আক্ৰমণত।২১ মিনিট ধৰি সন্ত্ৰাসবাদীৰ ঘাটিত একেৰাহে আক্ৰমণ কৰে ভাৰতীয় বায়ুসেনাই ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি