দ্বাৰকুছিৰ পথ দুৰ্ঘটনাত দুজন নিহত

দ্বাৰকুছিৰ পথ দুৰ্ঘটনাত দুজন নিহত
Published on

ক্ৰমান্নয়ে কিলাৰ হাইৱে ত পৰিণত হৈছে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ । বুধবাৰে মাজনিশা পুনৰ এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গল দুই বাইক আৰোহীৰ । বাক্সা জিলা তামুলপুৰ থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ অধীনৰ দ্বাৰকুছিত নিশা প্ৰায় ১১ বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। পথ দুৰ্ঘটনাটোত উত্তৰ গান্ধীবাৰী গাঁওৰ নাৰায়ণ পাটোৱাৰীৰ পুত্ৰ বিনুদ পাটোৱাৰী আৰু ৰঙিয়াৰ অডিত দাসৰ পুত্ৰ গৌতম দাস থিতাতে নিহত হয় । ৰঙিয়া অভিমুখী দ্ৰুতবেগী ডাম্পাৰ আৰু তামুলপুৰ অভিমুখী পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষ ফলত দুৰ্ঘটনাস্থলিতে থিতাতে নিহত হয় দুই বাইক আৰোহী যুৱক ।সংঘৰ্ষ ফলত চুৰ্ণ-বিচুৰ্ণ হৈ পৰে পালচাৰ বাইক খন । বহু সময় ধৰি পথৰ দাঁতিতে মৃতদেহ দুটা পৰি থাকিল বুলি জানিব পৰা গৈছে । বৰ্তমানেও চিনাক্ত হোৱা নাই নিহত যুৱক দুজনৰ পৰিচয় ।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰ সহ চালকে । ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ গধুৰ বাহনৰ চালকৰ দৌৰাত্মৰ বাবে প্ৰায়ে এনেধৰণৰ দুৰ্ঘটনাত বহু লোকৰ প্ৰাণ হানি হোৱাৰ অভিযোগ ৰাইজৰ । আৰক্ষী প্ৰশাসনে সেই উদণ্ড চালকসকলক নাকী লগোৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে । ঘটনাক কেন্দ্ৰ কৰি দুৰ্ঘটনাস্থলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ‌। পিছত ঘটনাস্থলীত গান্ধীবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহ দুটা চমজি লয় ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com