Top
Begin typing your search above and press return to search.

 দ্বিতীয় টি-২০ত বৃহৎ বিজয় সাব্যস্ত টীম ইণ্ডিয়াৰ

 দ্বিতীয় টি-২০ত বৃহৎ বিজয় সাব্যস্ত টীম ইণ্ডিয়াৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Nov 2018 8:08 AM GMT

লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী ইকানা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়খন আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত ঘৰুৱা দলটোৱে সহজ বিজয় লাভ কৰিছে । কেৰিবিয়ান বাহিনীৰ অধিনায়ক জেচন হল্ডাৰে টচত জয়ী হৈ ভাৰতক বেটিঙৰ বাবে আমন্ত্ৰণ জনাই ।

ভাৰতে প্ৰথমে বেটিং কৰিবলৈ আহি নিৰ্ধাৰিত ২০ অভাৰত দুটা উইকেটৰ বিনিময়ত ১৯৫ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় । অধিনায়ক ৰোহিত শৰ্মাই মেচখনত অপৰাজিত ১১১ ৰান কৰাৰ বিপৰীতে শিখৰ ধাৱনে ৪৩ ৰানৰ বৰঙণি আগবঢ়াই । ৰোহিতে আন্তঃৰাষ্ট্ৰীয় টি-২০ কেৰিয়াৰৰ চতুৰ্থ তম শতক অৰ্জন কৰিবলৈ সক্ষম হয় ।

১৯৬ ৰানৰ লক্ষ্য আগত লৈ বেটিং কৰিবলৈ আহি ভাৰতীয় শক্তিশালী বলিং আক্ৰমনৰ বিৰুদ্ধে কোনোধৰনৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম নহল । নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট বিনিময়ত সংগ্ৰহ কৰে মাত্ৰ ১২৪ ৰান সংগ্ৰহ কৰি কেৰিবিয়ান বাহিনীয়ে পৰাজয় স্বীকাৰ কৰে । ভাৰতৰ হৈ ভুৱনেশ্বৰ কুমাৰ, খালিল আহমেদ, জছপ্ৰীত বুমৰাহ আৰু কুলদ্বীপ যাদৱে দুটাকৈ উইকেট দখল কৰে । সুন্দৰ বেটিঙৰ বাবে ৰোহিত শৰ্মা মেচৰ শ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত হয় ।

Next Story