Begin typing your search above and press return to search.

দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা বিজেপি, কংগ্ৰেছৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা

দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনা বিজেপি, কংগ্ৰেছৰ ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰচেষ্টা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 April 2019 7:48 AM GMT

দ্বিতীয় পৰ্যায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান মংগলবাৰে শেষ হয় । ৫ টা সমষ্টিত অনুষ্ঠিত হব লগা দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ভোটাৰ মন জয় কৰিবলৈ ব্যস্ত থাকে শাসক বিৰোধী সকলো ৰাজনৈতিক দল । নগাঁও লোকসভা সমষ্টিত মংগলবাৰে ভোটাৰক আকৰ্ষিত কৰিবলৈ প্ৰাৰ্থী সকলে শেষৰ সময়লৈকে নিৰ্বাচনী প্ৰচাৰ চলাই ।

নগাঁও লোকসভা সমষ্টিৰ ৯ টা বিধানসভা সমষ্টিত বিজেপিৰ লগতে মিত্ৰজোট প্ৰাৰ্থীয়ে বাৰেৰহণীয়া ৰোড শ্বত অংশগ্ৰহন কৰে নগাঁও সমষ্টিত । নগাঁও সমষ্টিৰ অগপ-বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী ৰূপক শৰ্মায়ে বহুতো ৰোড শ্বত অংশগ্ৰহন কৰে । লগতে সমষ্টিটোৰ উন্নয়নৰ বাবে ৰূপক শৰ্মাক ভোট দিবলৈ আহ্বান জনাই ।

লগতে তেওঁ কয় যে নগাঁও সমষ্টিবাসীয়ে যথেষ্ট সমস্যা সন্মুখীন হৈছে । বানপানীকে ধৰি গৰাখহনীয়া, জাগীৰোডৰ কাগজকল পুনৰুজ্জীৱিত কৰা আৰু কামৰূপ চুগাৰ মিল কাৰ্যক্ষম কৰা আদি বিভিন্ন কাম কৰিব লগা আছে বুলি প্ৰকাশ কৰে। নগাঁওৰ সমস্যা, সমস্যা হৈয়ে আছে। সেয়েহে প্ৰথম বাৰৰ বাবে ৰূপক শৰ্মাক ভোট দিবলৈ আহ্বান জনাইছে । লগতে এই কাম সমূহ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৰূপক শৰ্মায়ে ।লগতে তেওঁ প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানত দেশত সকলো দিশতে উন্নয়ন হৈছে ।

আনহাতে কংগ্ৰেছেও নগাঁও লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই ৰেলীত অংশগ্ৰহণ কৰে । ৰহাত এক নিৰ্বাচনী ৰেলীত তৰুণ গগৈয়ে অংশগ্ৰহন কৰি প্ৰচাৰ চলাই আৰু ভোটাৰক কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক ভোট দিবলৈ আহ্বান জনাই।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি