Begin typing your search above and press return to search.

দ্বিতীয় পৰ্যায় ভোট গ্ৰহণত দিনৰ ১ বজালৈকে ভোটৰ হাৰ ৪৬.৪২ শতাংশ

দ্বিতীয় পৰ্যায় ভোট গ্ৰহণত দিনৰ ১ বজালৈকে ভোটৰ হাৰ  ৪৬.৪২ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 April 2019 9:26 AM GMT

আজি ৫ টা লোকসভা সমষ্টিত পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে দ্বিতীয় পৰ্যায় ভোট গ্ৰহণ। কৰিমগঞ্জ, শিলচৰ, মংগলদৈ, নগাঁও আৰু স্বায়ত্ত শাসিত পৰিষদ ডিফুত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । ৮৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ দিনৰ ১ বজালৈকে ভোটৰ হাৰ ৪৬.৪২ শতাংশ । কৰিমগঞ্জত ভোটৰ হাৰ ৪৬.৮৭ শতাংশ, শিলচৰত ৪৪.১৩ শতাংশ ভোটৰ হাৰ, ডিফুত ভোটৰ হাৰ ৪৯.৯০ শতাংশ , মংগলদৈত ভোটৰ হাৰ ৫০.৯৭ শতাংশ আৰু নগাঁওত ভোটৰ হাৰ ৪১.৫২ শতাংশ ।

নিকা আৰু মুক্ত নিৰ্বাচনৰ বাবে ৩৫,৯৬৮ জন নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে । ৫ টা সমষ্টিত ৬৯,১০,৫৯২ ভোটাৰ আছে । ইয়াৰে ৩৫,৫৪,৪৬০ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা ৩৩,৫৫,৯৫২ । ১৮০ জন তৃতীয় লিংগ ।দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ১৩৭ টা মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে। ইয়াৰে ১১ টা কৰিমগঞ্জত, ২৬ টা নগাঁওত, ৬৭ টা মংগলদৈত, ১০ টা শিলচৰত আৰু ২৩ টা ডিফুত মহিলা ভোট গ্ৰহণ কেন্দ্ৰ আছে ।

৫ টা লোকসভা সমষ্টিত ১০৩৩ ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে। কৰিমগঞ্জত ৩৫০ টা ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ আছে, ৪১০ টা শিলচৰত, ৪৩ টা মংগলদৈত আৰু ২৩০ টা ডিফুত আছে ৰিমোট ভোট গ্ৰহণ কেন্দ্ৰ ।

ডিমা হাছাওত ইভিএমৰ বিসংগতিৰ বাবে ভোট গ্ৰহণ পলমকৈ আৰম্ভ হৈছে ।৫ টা লোকসভা সমষ্টিত বহু কেইটা কেন্দ্ৰত ইভিএম বিকল হোৱাৰ বাবে পলম কৈ আৰম্ভ হৈছিল ভোট গ্ৰহণ । হোজাই জিলাৰ কাকীত ইভিএম বিকল হোৱাৰ লগতে নিজৰাপাৰৰ ২১০ নং ভোট গ্ৰহণ কেন্দ্ৰত, যমুনামুখৰ ১৬০ নং কেন্দ্ৰত, পশ্চিম জাৰুণি ভোট গ্ৰহণ কেন্দ্ৰত, হোজাই শংকৰদেৱ নগৰত, শংকৰ বস্তিৰ এল পি স্কুল ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ বাবে ভোট গ্ৰহণ পলমকৈ আৰম্ভ হয়।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Next Story
চাকৰি