Begin typing your search above and press return to search.

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত ৰাজ্যত ভোটৰ হাৰ ৭৩.৩২ শতাংশ

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত ৰাজ্যত ভোটৰ হাৰ  ৭৩.৩২ শতাংশ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2019 6:42 AM GMT

বৃহস্পতি বাৰে ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিৰ ৮,৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত শান্তিপুৰ্ন ভাবে সমাপ্ত হয় দ্বিতীয় পৰ্যায় নিৰ্বাচন। ৫ বজালৈকে ৫ সমষ্টিতে ভোটৰ হাৰ ৭৩.৩২ শতাংশ ।

ৰাজ্যৰ বিভিন্ন স্থানত ইভিএমৰ বিসংগতি ফলত পলমকৈ আৰম্ভ হয় ভোট গ্ৰহণ । জমুনামুখৰ সোনাইবিবি বালিকা বিদ্যালয়, হোজাই বিষ্ণুপুৰ এল পি স্কুল, কৰিমগঞ্জ এম এম এম চি বালিকা বিদ্যালয় , পুৰনিগুদাম জে বি স্কুল আদি ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম বিকল হোৱাৰ কাৰণে বদলি কৰা হৈছিল । কেইবাটাও ভোট গ্ৰহণৰ লগতে কৰিমগঞ্জৰ এল পি স্কুলত আৰু লাহৰিঘাট বালিদঙগা সৃষ্টি হোৱা অৰাজকতা নিৰাপত্তা ৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

সন্ধিয়া ৫ বজালৈকে কৰিমগঞ্জত ভোটৰ হাৰ ৭১.৪১ শতাংশ, শিলচৰত ৭১.৭৯ শতাংশ, ডিফুত ভোটৰ হাৰ ৬৯,৫১ শতাংশ, মংগলদৈত ৭৫.০৭ শতাংশ আৰু নগাঁওত ৭৫.৭১ শতাংশ ভোটৰ হাৰ ।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত কৰিমগঞ্জৰ ভোটৰ হাৰ ৭৬.০৬ শতাংশ, শিলচৰত ৭৫.৭১ শতাংশ, ডিফুত ৭৭.৩৯%, মংগলদৈত ৮১.৫০ শতাংশ আৰু নগাঁওত ৮০.৮৯ শতাংশ আছিল । ২০১৪ চনত ১৪ টা সমষ্টিত ভোটৰ হাৰ আছিল ৮০.২১ শতাংশ ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৮,৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত ৬৯,১০,৫৯২ ভোটাৰ আছে। ইয়াৰে ৩৫,৫৪,৪৬০ পুৰুষ ভোটাৰ থকাৰ বিপৰিতে মহিলা ভোটাৰ সংখ্যা ৩৩,৫৫,৯৫২ ।১৮০ তৃতীয় লিংগ ভোটাৰ আছে ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৩৫,৯৬৮ জন নিৰ্বাচনী বিষয়াক নিয়োগ কৰা হৈছে । ৫৪৪ মাইক্ৰ পৰ্যবেক্ষক, ৬ জন সাধাৰণ পৰ্যবেক্ষক , ৫ জন ব্যয় পৰ্যাবেক্ষক আৰু ৩ জন আৰক্ষী পৰ্যবেক্ষকক নিয়োগ কৰা হৈছে । ১৩৭ ফ্লাইঙ স্কুৱাৰ্ডৰ টিম, ১২৭ ষ্টেটিক চাৰ্ভিলেঞ্চে টিম, ১০৫ ভিডিঅ চাৰ্ভিলেঞ্চে টিমে দ্বিতীয় পৰ্যায় নিৰ্বাচনত পৰ্যবেক্ষন কৰিছে ।

১৩৭ ভোট গ্ৰহণ কেন্দ্ৰত মহিলা নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে । ইয়াৰে ৬৭ টা মংগলদৈত, ২৬ নগাঁওত , ২৩ ডিফুত, ১১ টা কৰিমগঞ্জ আৰু ১০ টা শিলচৰত আছে। ৰিমোৰ্ট ভোট গ্ৰহণ কেন্দ্ৰ ১০৩৩ টা আছে ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫০ জন প্ৰাৰ্থী আছে। ইয়াৰে ৩ গৰাকী মহিলা । কৰিমগঞ্জত ১৪ জন প্ৰাৰ্থীৰ, শিলচৰত ১৩ জন প্ৰাৰ্থী, ১১ জন মংগলদৈত, ৭ জন নগাঁওত আৰু ৫ জন স্বায়ত্ত শাসিত পৰিষদ ডিফুত প্ৰাৰ্থী আছে। মংগলবাৰে সন্ধিয়া ৫ বজাত দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰ অন্ত পৰে।

ভোটদান কৰি শিলচৰৰ কংগ্ৰেছৰ সুস্মিতা দে প্ৰকাশ কৰিছে " মই জয় হম । মোৰ শক্তি কংগ্ৰেছৰ ইস্তাহাৰৰ ওপৰত, কংগ্ৰেছে কেতিয়াও মিছা প্ৰতিশ্ৰুতি নিদিয়ে ।" শিলচৰৰ বিজেপিৰ প্ৰাৰ্থী ডঃ ৰাজদীপ ৰয়ে ভোটদান কৰি প্ৰকাশ কৰে যে অধিক ভোটাৰে গনতান্ত্ৰৰ সপক্ষে ভোট দিছে।

মংগলদৈ বিজেপিৰ প্ৰাৰ্থী দিলিপ শইকীয়াই প্ৰকাশ কৰে যে " মই যি খন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিছিলো, সেই খন বিদ্যালয়তে ভোট দান কৰিছো, সেয়েহে জয়ী হম বুলি বিস্বাস কৰো । জনসাধাৰণ আৰু মিত্ৰজোটৰ দলৰ সমৰ্থনত সমষ্টিৰ উন্নয়নৰ কাম কৰিব বুলি প্ৰকাশ কৰে । নগাঁওৰ বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মায়ে প্ৰকাশ কৰে যে ভোটাৰ উছাহে মোদী পুনৰ প্ৰধানমন্ত্ৰী হব বুলি প্ৰমাণ কৰিছে ।

বৰ্তমানৰ ডিফুৰ সাংসদ বিৰেন সিং ইংটিয়ে প্ৰকাশ কৰে " মোদী হাটাও, দেশ বাচাও " শ্লোগানক অনুসৰণ কৰি ভোটদান কৰিছে ।

ডিফুৰ বিজেপিৰ প্ৰাৰ্থী হৰেণ ছিং বেয়ে প্ৰকাশ কৰে জনসাধাৰণে উন্নয়নৰ হকে বিজেপিক ভোট দিছে । জনসাধাৰণৰ ভৰসা পুৰন কৰিব পাৰোঁ ।"

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story