দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত ভোটদানৰ পিছতে মৃত্যু এগৰাকী মহিলাৰ

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত ভোটদানৰ পিছতে মৃত্যু এগৰাকী মহিলাৰ
Published on

বৃহস্পতি বাৰে অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায় ভোট গ্ৰহণত , ভোটদান সাব্যস্ত কৰাৰ পাছতে ভোট গ্ৰহণ কেন্দ্ৰতে মৃত্যু হয় এগৰাকী মহিলাৰ । মংগলদৈ লোকসভা সমষ্টিৰ ১৫৬ নম্বৰ গেলাইদিঙি প্ৰাথ্যমিক বিদ্যালয় ভোট কেন্দ্ৰত এই ঘটনা সংঘটিত হয় । মৃত্যু হোৱা মহিলা গৰাকী তিলক কাকতিৰ পত্নী ভাৰতী বৰা কাকতি বুলি চিনাক্ত কৰিছে। ভাৰতী বৰা কাকতিয়ে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি ওলাই স্কুটি খনত বহিবলৈ লোৱাৰ আগ মুহুৰ্তত ঢলি পৰে। তৎক্ষনাত মংগলদৈ অসামৰিক হস্পিতাললৈ নিয়া হয় যদিও চিকিৎসাকে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

দুদিনৰ পূৰ্বে দেৰগাঁওত নিৰ্বাচনৰ দায়িত্বত থকা আৰক্ষী কনিষ্টবল হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হৈছিল । আনহাতে ডিব্ৰুগড় জিলা কাৰ্যনিৰ্বাহক শাখাৰ কনিষ্টবল তিলক হাজৰিকা দায়িত্বত থকাৰ সময়তে মংগলদৈ অসামৰিক হস্পিতাললৈ নিয়াৰ পথতে মৃত্যু হয় ।

বৃহস্পতি বাৰে ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিৰ ৮,৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত সমাপ্ত হয় দ্বিতীয় পৰ্যায় নিৰ্বাচন।নগাঁও, মংগলদৈ, কৰিমগঞ্জ, শিলচৰ আৰু ডিফুত আজি অনুষ্ঠিত হৈছিল দ্বিতীয় পৰ্যায় নিৰ্বাচন।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com