Begin typing your search above and press return to search.

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত ৰঙিয়া, কমলপুৰত ভোটৰ হাৰ ৭৫%

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনত ৰঙিয়া, কমলপুৰত ভোটৰ হাৰ  ৭৫%

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  19 April 2019 8:36 AM GMT

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচন বৃহস্পতি বাৰে অন্ত পৰে । মংগলদৈ লোকসভা সমষ্টিৰ অন্তগৰ্ত ৰঙিয়া আৰু কমলপুৰত শান্তিপুৰ্ন ভাবে সমাপ্ত হয় দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচন। কেইবাটাও ভোট গ্ৰহণ কেন্দ্ৰত ইভিএম আৰু ভিভিপেটৰ বিসংগতি হোৱাৰ বাবে অসুবিধাৰ সৃষ্টি হয়।

ৰঙিয়া আৰু কমলপুৰত ভোটৰ হাৰ ৭৫ শতাংশ ।

বৃহস্পতি বাৰে ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত দ্বিতীয় পৰ্যায় নিৰ্বাচন অনুষ্ঠিত হয় । ৫ টা সমষ্টিৰ ৮,৯৯২ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় । সন্ধিয়া ৫ বজালৈকে ৫ টা লোকসভা সমষ্টিত ভোটৰ হাৰ ৭৩.৩২ শতাংশ । দ্বিতীয় পৰ্যায় নিৰ্বাচন কৰিমগঞ্জ, শিলচৰ , ডিফু, মংগলদৈ, নগাঁওত অনুষ্ঠিত হয় ।

সন্ধিয়া ৫ বজালৈকে কৰিমগঞ্জত ভোটৰ হাৰ ৭১.৪১ শতাংশ, শিলচৰত ৭১.৭৯ শতাংশ, ডিফুত ভোটৰ হাৰ ৬৯,৫১ শতাংশ, মংগলদৈত ৭৫.০৭ শতাংশ আৰু নগাঁওত ৭৫.৭১ শতাংশ ভোটৰ হাৰ ।

দ্বিতীয় পৰ্যায় নিৰ্বাচনত ৫০ জন প্ৰাৰ্থী আছে। ইয়াৰে ৩ গৰাকী মহিলা । কৰিমগঞ্জত ১৪ জন প্ৰাৰ্থীৰ, শিলচৰত ১৩ জন প্ৰাৰ্থী, ১১ জন মংগলদৈত, ৭ জন নগাঁওত আৰু ৫ জন স্বায়ত্ত শাসিত পৰিষদ ডিফুত প্ৰাৰ্থী আছে।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Next Story
চাকৰি