দ্বিবাৰ্ষিক সন্মিলন সম্পন্ন

Published on

শিৱসাগৰ জিলাৰ দিচাংমুখত অৱস্থিত গন শিল্পী বিক্ৰম সিং য়েন স্মাৰক প্ৰেক্ষাগৃহত টিএমপিকে,এমএমকে আৰু টিএমএমকেৰ এখন দ্বিবাৰ্ষিক সন্মিলন অনুস্থিত হয়।সন্মিলনত মুখ্য অতিথি হিচাপে মিচিং স্বায়ত্ব পৰিষদৰ অধক্ষ্য সুনিল পেগু উপস্থিত থাকি কয় যে শতিকাজুৰি পিচপৰা মিচিং সকল নদীৰ কাষৰীয়া অঞ্চলসমূহত বসবাস কৰি আহিছে আৰু অঞ্চলসমূহৰ ৰাস্তা পদুলিবোৰৰ অবস্থা অতি পুতৌজনক।চৰকাৰৰ আঁচনিয়ে তেওঁলোকক ঢুকি নাপায়।সন্মিলন খন শুভাৰম্ভ কৰে মিচিং স্বায়ত্ব পৰিষদৰ দিচাংমুখ আঞ্চলিকৰ সদস্য মনেশ্বৰ মিলিয়ে।সন্মিলনত পৰিষদৰ বিষয়ববীয়াৰ লগতে বহুতসংখ্যক গন্য মান্য ব্যক্তি উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com