'দ্যা আণ্ডাৰৱৰ্ল্ড'

এই সপ্তাহৰ শুক্ৰবাৰে মুক্তি লাভ কৰিব প্ৰয়াত অভিনেতা বিজু ফুকন অভিনীত শেষৰ খন ছবি 'দ্যা আণ্ডাৰৱৰ্ল্ড' । যোৱা বছৰৰ ২২ নৱেম্বৰত মৃত্যু হোৱা অভিনেতা জনৰ শেষৰ খন ছবি উপভোগ কৰিবলৈ অধীৰ আগ্ৰহৰে বাট চায় আছে অসমবাসী ৰাইজ তথা চলচিত্ৰপ্ৰেমী সকল। জানিব পৰা অনুসৰি,ছবি খনৰ মুল চৰিত্ৰত অভিনয় কৰা অভিনেতা জনে আণ্ডাৰৱৰ্ল্ডৰ চেয়াৰমেন হিচাপে অভিনয় কৰিছে ।
"গানে কি আনে" ছবি খনৰ দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰাৰ পিছত মুম্বাইৰ এছ জে ষ্টুডিঅ' এণ্ড এণ্টাটেইনমেণ্টৰ সহযোগত এইবাৰৰ "দ্যা আণ্ডাৰৱৰ্ল্ড" ছবি খন প্ৰযোজনা কৰিছে ছাহিৰ হামিদ আৰু নাজিম হামিদে আৰু সহ প্ৰযোজক হিচাপে কাম কৰিছে গৌতম চক্ৰৱৰ্তী আৰু ৰাজেশ যশপাল । পৰিচালনা কৰিছে "গানে কি আনে" ছবি খনৰ পৰিচালক ৰাজেশ যশপাল । ছবি খনৰ মুখ্য আকৰ্ষন হৈছে জুবিন গাৰ্গ । ছবি খনৰ দৃশ্যগ্ৰহনৰ পৰাই বিভিন্ন মাধ্যমত দেখিবলৈ পোৱা 'দ্যা আণ্ডাৰৱৰ্ল্ড'ত হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ অগতানুগতিক বেশভূষাই সকলোকে আকৰ্ষিত কৰি আহিছে । কেৱল বেশভূষাই নহয় ছুপাৰহিট 'মিছন চাইনা'ৰ পিছত জুবিন গাৰ্গক দেখিবলৈ পোৱা যাব এক সুকীয়া ৰূপত । ছবি খনত জুবিন গাৰ্গত উপৰিও অভিনয় কৰিছে ক্ৰমে; বিজু ফুকন,পৰিনীতা বৰঠাকুৰ,ৰাজেশ যশপাল আদি ন-পুৰনি শিল্পীয়ে । ছবি খন মুম্বাই আৰু গুৱাহাটীৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহন কৰা হয় । সংগীৰ পৰিচালনা কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । শশাংক সমীৰ,ৰাহুল গৌতম শৰ্মা,মৌচম গগৈ আৰু গোল্ডী শ্বাহীলে ৰচনা কৰা গীত সমূহত কণ্ঠদান কৰিছে জুবিন গাৰ্গ,পৰিনীতা বৰঠাকুৰ,মৌচম গগৈ,শতাব্দী বড়া,গল্ডী শ্বাহীল,অনন্যা দত্ত,ৰাহুল গৌতম শৰ্মা আৰু কাবেৰী সিঙে ।